আখতাৰাক সহায়ৰ হাত আগবঢ়ালে শিৱসাগৰ জিলা উপায়ুক্তই

0 240

শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰাচীৰ নেওচি ১০ বছৰীয়া কণমানি আখতাৰাই হাতত তুলি লৈছে ৰং তুলিকা। জীৱনৰ উকা কেনভাচত তাই ৰচিবলৈ লৈছে ৰঙীন সপোন।

এয়া সম্ভৱ হৈছে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ মহৎ প্ৰচেষ্টা আৰু বদন্যতাৰ বাবে।

উল্লেখযোগ্য যে, জিলাখনৰ কালুগাঁও এলেকাৰ আমতলীয়া গাঁৱৰ নিবাসী আব্দুল ৰহমানৰ আংশিকভাৱে দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱা কন্যা আখতাৰা ৰহমানে উপায়ুক্ত গৰাকীক যোৱা ২ জানুৱাৰী তাৰিখে উপায়ুক্তৰ কাৰ্যালয় কক্ষত সাক্ষাত কৰিবলৈ আহিছিল।

কণমানি আখতাৰাৰ পিতৃৰ পৰা তাইৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰ বিসংগতিৰ বিষয়ে গম পাই উপায়ুক্ত গৰাকীয়ে তাইক যথাসম্ভৱ সহায় আগবঢ়োৱাৰ আশ্বাস দিছিল।

আৰু কথা মতেই কাম। উপায়ুক্ত গৰাকীয়ে আখতাৰাৰ চিকিৎসাৰ সহায় হোৱাকৈ তাইক অটল অমৃত অভিযান আঁচনিৰ আওতালৈ অনাৰ লগতে জিলা পুথিভঁৰালৰ বিনামুলীয়া প্ৰৱেশ পত্ৰও প্ৰদান কৰে৷ লগতে তাইৰ ভৱিষ্যত জীৱনৰ উন্নতিৰ হকে সকলো চৰকাৰী আঁচনিৰ সা-সুবিধা প্ৰদান কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰো তেওঁ আশ্বাস প্ৰদান কৰে।

সাক্ষাৎকালত আখতাৰাৰ চিত্ৰাংকনৰ প্ৰতি থকা ধাউতিৰ বিষয়ে জানিবলৈ পাই উপায়ুক্ত গৰাকীয়ে শিৱসাগৰৰ বিশিষ্ট শিল্পী সুজিত বৰুৱাক ছাত্ৰীগৰাকীক চিত্ৰ-শিল্পৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব অৰ্পণ কৰিছিল। আৰু আজি শিল্পী সুজিত বৰুৱাৰ তত্বাৱধানত তাই কলাৰ সাধনাত ব্যস্ত।

উপায়ুক্ত গৰাকীৰ এই মহানুভৱতাই কণমানি গৰাকীৰ জীৱনলৈ আনিলে আশাৰ ৰেঙণি।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে.. 

Leave A Reply

Your email address will not be published.