আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

0 324

IMG-20170608-WA0012

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰবীন্দ্ৰ ভৱনত উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, অসামৰিক পৰীক্ষাত স্থান লাভ কৰা ৯৯ গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষ ভাৱে অভিনন্দন জনায়। আজিৰ এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মৃদুল হাজৰিকা, আই আই টি গুৱাহাটীৰ গৌৰাংগ বিশ্বাস উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰসংগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য মৃদুল হাজৰিকাই মন্তব্য কৰে যে শিক্ষাৰ্থী সকলে কেৱল Marks লাভ ৰ বাবে নহয়, সমাজৰ সকলো দিশৰ উন্নয়নৰ বাবে সমাজিক ভাৱে দায়বদ্ধ হ’ব লাগে। কোনো দিশত সফলতা লাভ কৰিবলৈ হ’লে পূৰ্বে লক্ষ্য ৰাখি সিদ্ধান্ত নিৰ্দ্ধাৰণ কৰিব লাগিব।

IMG-20170608-WA0010

আনহাতে আছু উপদেষ্টা সমুজ্বল কুমাৰ ভট্ৰাচাৰ্য্যই চাৰিখন বিশেষ প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত পোষকতা কৰে। ইয়াৰ ভিতৰত অন্যতম হ’ল Indian Institution Science and Research Center, মেনেজমেণ্ট প্ৰতিষ্ঠান, ব্ৰহ্মপুত্ৰ নদীৰ গৱেষণা প্ৰতিষ্ঠান আৰু ঔষধি গুণসম্পন্ন উদ্ভিদ চিনাক্ত কৰণৰ প্ৰতিষ্ঠানৰ কথা মন্তব্য কৰে।

স্মতৰ্ব্য যে UPSC পৰীক্ষাত সফলতা লাভ কৰা ১২ গৰাকী, HSLC ৰ ২৯ গৰাকী, High Madrasa ৪ গৰাকী আৰু HS ৰ ৬৬ গৰাকীক স্মাৰক, প্ৰমাণ পত্ৰ আৰু ২০০০ টকা বুক কাৰ্ড প্ৰদান কৰে।

IMG-20170608-WA0011

উল্লেখযোগ্য যে কৃতি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আৰু ভবিষ্যতে অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰা বাবে এই মঞ্চৰ পৰা আহবান জনায়।

Leave A Reply

Your email address will not be published.