আজমল ফাউণ্ডেচনৰ সাহাৰ্য সামগ্ৰী বিতৰণ

0 234

ৰাজ্যৰ আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বানপীড়িত লোকৰ কাষত গৈ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিছে আজমল ফাউণ্ডেচনৰ আৰু মৰ্কজৰ স্বেচ্ছাসেৱীসকলে। বানপীড়িত লোক সকলৰ কাষত গৈ এবুকু পানীৰ মাজত নামি খাদ্য সামগ্ৰী বিতৰণ কৰিছে আজমল ফাউণ্ডেচন আৰু মৰ্কজে। ক’ৰণাৰ ফলত দেশজুৰি ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে বানপানী আৰু গৰাখহনীয়াই জুৰুলা কৰা ৰাজ্যৰ বিভিন্ন জিলাৰ দৰিদ্ৰ জনগনৰ কাষত থিয় দিছে অসমৰ অন্যতম সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা’আৰিফ৷
 
 
ইতিমধ্যে বানপানীৰ ফলত বহু কৃষকৰ আশা নষ্ট হৈ গৈছে। হোজাই জিলাৰ যোগীজানৰ কান্দুলিমাৰীকে ধৰি বহুকেইটা অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি পানীৰ তলত বুৰ গৈছে। বানপানীৰ ফলত গাঁওবোৰৰ শ শ পুখুৰীৰ পৰা মাছ ওলাই গৈছে। বানপানীৰ কাৰণে মানুহবিলাকে গৈ আশ্ৰয় লৈছে মথাউৰি বিলাকত। ৰাজ্যৰ অন্যান্য বান আক্ৰান্ত জিলা সমূহৰ লগতে হোজাই জিলাৰ বানপীড়িত এলেকা সমূহত গৈ আজমল ফাউণ্ডেচন আৰু মৰ্কজৰ কৰ্মকৰ্তা সকলে খাদ্য সামগ্ৰী বিলাইছে। লকডাউনৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল আৰু প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমল মুম্বাইত আবদ্ধ হৈ আছে যদিও তাৰ পৰা সময়ে সময়ে সকলো কামৰে তদাৰক কৰি আছে।
 
 
 
ৰাজ্যৰ সকলো পক্ষই মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ লগতে  ফাউণ্ডেচনৰ লগতে সদস্য সকলে কৰা দিন ৰাতিৰ অহৰহ কষ্টৰ লগতে ত্যাগ স্বীকাৰ কৰি দৰিদ্ৰ লোক আৰু বান গৰাখহনীয়া এলেকাৰ ৰাইজক সাহাৰ্য আগবঢ়োৱা কাৰ্যক শলাগ লয়। উল্লেখ্য যে সময়ে সময়ে ৰাজ্যৰ এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ৰাজ্যৰ প্ৰশাসনৰ বিষয়ববীয়া সকলৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লৈ আছে।

Leave A Reply

Your email address will not be published.