গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আজাৰা অঞ্চলৰ ছাত্ৰী , যুৱতী , মহিলা সকলৰ উন্নয়ন , উত্তৰণৰ হকে কাম কৰি অহা “স্বৰগম মহিলা গোষ্ঠীয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰথমখন নাৰী শিক্ষানুষ্ঠান চন্দ্ৰপ্ৰভা বৰা ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীক প্ৰতি বছৰে সম্মানিত কৰি উৎসাহ যোগাই আহিছে । এইবেলি হাইস্কুল খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আজাৰা লাপাতুল অঞ্চলৰ বাসিন্দা অপূৰ্ব ডেকা আৰু কবিতা ডেকাৰ কন্যা তৃষ্ণা ডেকাক ৭ জুলাইত আজাৰা বন্ধু মিলন নাট্য মন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগদ ধন , মানপত্ৰ , গামোছা , ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । স্বৰগম মহিলা গোষ্ঠীৰ সভানেত্ৰী বিজু মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অজন্তা দাস , জুনু বৰুৱা , দীপা দাস , হীৰামণি দাস , বিজিতা যখৰীয়া , মীনা দাস , মঞ্জু মজুমদাৰকে ধৰি গোষ্ঠীৰ উপস্থিত কেবাজনী সদস্যই তৃষ্ণা ডেকাক আশীৰ্বাদ প্ৰদান কৰি আগন্তক শৈক্ষিক জীৱনত ইয়াতকৈ উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰে তাৰ কামনা কৰে ।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা