আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েণ্সৰ “শিক্ষণ শিকন-বিকাশ” শীৰ্ষক আলোচনা চক্ৰৰ সফল সামৰণি

0 243

গুৱাহাটীৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত যোৱা ১৯ আগষ্টৰ পৰা ১ চেপ্তেম্বৰলৈ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ(AICTE)ৰ দ্বাৰা প্ৰায়োজিত তথা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান খনিৰ দ্বাৰা আয়োজিত “Innovative Teaching Methods and Application of statistical software in Advance Research in Science and Technology” শীৰ্ষক এখনি ‘শিক্ষক শিকন-বিকাশ অনুষ্ঠান’ এটিৰ দুসপ্তাহ যোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে। শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাস ডাঙৰীয়াই বন্তি প্ৰজ্বলনেৰ আৰম্ভ হোৱা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে সকলোকে উদ্দেশ্য আদৰণি সম্ভাষণ আগবঢ়ায় শিক্ষা প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ ড: গৌৰাংগ দাস দেৱে । সৰ্বমুঠ ২৩ খন কাৰিকৰী বৈঠক অনুষ্ঠিত হোৱা অনুষ্ঠানটিত মুখ্য বক্তাৰূপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰফেছাৰ অজয় বি কুনুমক্কাৰা, অসম তথা উত্তৰ-পূব ভাৰতৰ শ্লেট আয়োগৰ সদস্য সম্পাদক ড: মুকুলেশ বৰুৱা, গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছাৰ কিশোৰ কুমাৰ দাস, গুৱাহাটী নাইপাৰৰ প্ৰাধ্যাপক ড: আদিৰ লগতে অনুষ্ঠানটিত মহানগৰীৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা তথা অধ্যাপকসকল উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে। শিক্ষানুষ্ঠানখনৰ সকলো পৰ্যায়ৰ শিক্ষাক তথা গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অ‌ংশগ্ৰহণ কৰা অনুষ্ঠানটিত অন্তিম কাৰ্যসূচীত মূখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অংশগ্ৰহণকাৰী সকলৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড: অলক বুঢ়াগোহাঁই ,সভাপতি শ্ৰীযুত ৰাতুল দাস আৰু অধ্যক্ষ ড: গৌৰাং দাস ডাঙৰীয়াই। সদৌশেষত প্ৰতিষ্ঠানখনৰ পধ্যাপক ড: দীপাংকৰ সাহা দেৱে উপস্থিত সকলোকে উদ্দেশ্য ধন্যবাদ‌ তথা শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।
বাতৰি যুগুতালে জিতুমনি দাসে

Leave A Reply

Your email address will not be published.