শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল শ্ৰীৰঘুপতি নামৰ অসমীয়া চিনেমাখনত । বিশেষকৈ অসমীয়া ছবি উদ্যোগটোলৈ নতুন জোৱাৰ কঢ়িয়াই আনিছে অসমৰ জনপ্রিয় অভিনেতা ৰবি শৰ্মাৰ কাহিনী, চিত্রনাট্য অভিনয় আৰু যুৱ পৰিচালক সুব্রত কাকতিৰ পৰিচালনাৰে নিৰ্মিত কথাছবি ‘শ্রী ৰঘুপতি’য়ে। মুক্তিৰ দিনাৰ পৰাই আজিলৈকে অসমৰ বহু চিত্রগৃহতে ‘হাউছফুল’। এই ছবিখনো ইতিমধ্যে ছুপাৰহিট অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে। ৰাইজ হিল- দ’ল ভাঙি ওলাই আহিছে ছবিখন উপভোগ কৰিবলৈ। ইতিমধ্যে ছবিখনে ব্যৱসায়িকভাৱে প্ৰায় দহ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে। কভিডৰ পাছত মৃত হৈ পৰা বহু চিনেমাহললৈ শ্ৰীৰঘুপতিয়ে প্ৰাণ ঘুৰাই আনিবলৈ সক্ষম হৈছে । ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যস্ত অঞ্চল হিচাপে পৰিচিত আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া আজাৰা ভি ভি আই পিস্থিত “আৰ আৰ চিনেমাছ” নামৰ আধুনিক সা – সুবিধাযুক্ত চলচিত্ৰ গৃহটোত এমাহ ধৰি চলি আছে শ্ৰীৰঘুপতি। চলচিত্ৰ গৃহটোৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে যোৱা ৮ জুনত ৰাজ্যৰ আন বহু চলচিত্ৰ গৃহৰ দৰে তেওঁলোকৰ আৰ আৰ চিনেমাছতো শ্ৰী ৰঘূপতিখন মুক্তি দিয়া হৈছিল। আজি এটা মাহ পাৰ হৈ যোৱাৰ পাছতো দৰ্শকৰ বিপুল সহাৰিৰ বাবে চিনেমাখন দুটা দৰ্শনীত চলি আছে। প্ৰথমতে দুটা সপ্তাহ চলচিত্ৰ গৃহটোত চাৰিটা দৰ্শনী ক্ৰমে – দিনৰ ১১.৩০ বজা , বিয়লি ২ বজা,সন্ধিয়া ৫.৩০ বজা আৰু নিশা ৮ বজাত আটাইকেইটাতে হাউছফুল হিচাপে শ্ৰীৰঘুপতি চলি আছিল । তাৰ পাছত তিনিটা আৰু বৰ্তমান দুটা দৰ্শনী ক্ৰমে – সন্ধিয়া ৫.৩০ বজা আৰু নিশা ৮ বজাৰ দৰ্শনীত চিনেমাখন চলি আছে । অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ চলচিত্ৰপ্ৰেমী সকলৰ বহুতেই চিনেমাখন চোৱাৰ পাছত প্ৰথম তিনি সপ্তাহৰ তুলনাত দৰ্শকৰ সংখ্যা এতিয়া কমি আহিছে। আনকি অনা অসমীয়া দৰ্শকেও বিশেষকৈ বৰঝাৰস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণকে ধৰি অঞ্চলটোত থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বহু অনুষ্ঠান – প্ৰতিষ্ঠানৰ বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেও চিনেমাখন উপভোগ কৰিছে । প্ৰতিটো প্ৰজন্মৰ মাজতে চিনেমাখন জনপ্ৰিয় হৈ পৰিছে। ছবিগৃহৰ ভিতৰত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ বিভিন্ন বয়সৰ ছবিপ্রেমীৰ ভিৰেই প্ৰমাণ কৰিছে ছবিখনৰ জনপ্ৰিয়তা । ৰাইজে বাছভাড়া কৰি অসমীয়া চিনেমা চোৱাৰ পৰিৱেশ পুনৰ ঘূৰি আহিছে। নিশ্চিতভাৱে ই এক শুভলক্ষণ। অসমীয়া ছবিলৈ এক ভাল খবৰ । ইফালে ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া অনুসৰি ২০২২ বৰ্ষৰ ১৮ মাৰ্চত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই চলচিত্ৰ গৃহটো মুকলি কৰিছিল। সেইদিনাই দেশজুৰি তেতিয়াই খলকনি তোলা “কাশ্মীৰ ফাইলছ” নামৰ চিনেমাখন মুক্তি দিয়া হৈছিল । কিন্তু মাত্ৰ দুটা সপ্তাহ পাৰ হোৱাৰ পাছতে দৰ্শকৰ সংখ্যা কমি অহাত চিনেমাখনৰ প্ৰদৰ্শন বন্ধ কৰিবলগীয়া হয়। চলচিত্ৰ গৃহটোৰ মুকলি হোৱাৰ ১৬ টা মাহৰ ভিতৰত শ্ৰীৰঘুপতিয়ে অভিলেখ ভংগ কৰাটো অসমীয়া চিনেমাৰ বাবে এটা শুভ লক্ষণ বুলি ৰাজীৱ কুমাৰ দত্তই মত ব্যক্ত কৰিছে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা