গুৱাহাটীৰ আজাৰাস্থিত ফাৰ্মাছী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠান চৌহদত প্ৰতিষ্ঠান খনৰ সমূহ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত কালি সম্পূৰ্ণৰূপে ক`ভিড প্ৰটকলৰ মাজেৰে বিশ্ব ফাৰ্মাছী দিৱস উদযাপন কৰা হয়। গোটেই বিশ্বজুৰি পালন কৰা ফাৰ্মাছী দিৱসৰ এইবাৰৰ বিষয়বস্তু আছিল” ফাৰ্মাছী: ট্ৰাছটেড ফ্’ৰ য়অৰ হেল্থ”। শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি ৰাতুল দাস ডাঙৰীয়াৰ পতাকা উত্তোলনৰ দ্বাৰা শুভাৰম্ভ হোৱা অনুষ্ঠানটিত উপস্থিত সকলোকে উদ্দেশ্য আদৰণি সম্ভাষণ আগবঢ়োৱাৰ লগতে বৰ্তমানৰ পৰিস্থিতিত ফাৰ্মাছিষ্ট সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় প্ৰতিষ্ঠান খনিৰ অধ্যক্ষ ড০ গৌৰাং দাসে। অনুষ্ঠানটিত মুখ্য উতিথিৰূপে উপস্থিত থাকি ফাৰ্মাছী দিৱসৰ তাৎপৰ্য আৰু এইবাৰৰ বিষয়বস্তুৰ ওপৰত এক মনোগ্ৰাহী ভাষণ আগবঢ়ায় অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ শিক্ষা-পঞ্জীয়ক ড০ বি.আৰ. ফুকনে। ইয়াৰ উপৰিও বিশ্ব ফাৰ্মাছী দিৱসৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠান খনিৰ “জিপছ লেট” শীৰ্ষক এখনি বাতৰি- পট্ৰিকাও উন্মোচন কৰা হয়। অনুষ্ঠানটিৰ শেষত প্ৰতিষ্ঠান খনিৰ জেষ্ঠ অধ্যাপিকা ড০ স্মৃতি ৰেখা চন্দ দাসে উপস্থিত সকলোকে প্ৰতিষ্ঠান খনৰ হৈ শলাগৰ শৰাই আগবঢ়ায়। উল্লেখযোগ্য যে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠান খনিৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সমূহৰ দ্বাৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।
Trending
- দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ ‘লাচিত–দ্য ৱাৰিয়ৰ’
- জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি প্ৰাপ্তৰ সৈতে বিভাগীয় মন্ত্রীৰ মত বিনিময়
- গুৱাহাটী আৰু শিলচৰৰ মাজত আজিৰে পৰা ফ্লাইবিগৰ বিমান সেৱা আৰম্ভ
- ডিজাইনাৰ সংযুক্তা দত্তই কান চলচিত্ৰ মহোৎসৱলৈ লৈ গ’ল অসম ৰেচম
- বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন- শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ
- হাৰ্দিক শৰ্মালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ শিশু শিল্পী বৃত্তি প্ৰদান
- এন চি চিৰ এডভান্স লীডাৰশ্বিপ কেম্প আৰম্ভ
- বনমন্ত্ৰী পাটোৱাৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত আনুষ্ঠানিকভাৱে মুকলি কৰে এটা জিৰাফ আৰু দুটা জেব্ৰা
- বিগত ৯ টা বছৰত অসমত আন্দোলন অবিহনে উন্নয়ন সম্ভৱ হৈছে
- চিলাৰায়ৰ কীৰ্তিক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস