আজিৰে পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান

0 315

দীৰ্ঘদিনৰ অন্তত আজিৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান ।সেয়ে বিদ্যালয় সমূহত গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা । বিদ্যালয় সমূহৰ চৌহদ,শ্ৰেণী কোঠা আদিত চেনিটাইজেশ্বন কৰাৰ উপৰিও ক`ভিড প্ৰটকলৰ বাবে চৰকাৰে নিৰ্দেশনা দিয়া অনুযায়ী সকলো খিনি মানি পাঠদান আৰম্ভ কৰিছে । টীয়কৰ আগশাৰীৰ এখন বিদ্যালয় টীয়ক জ্যোতি বিদ্যাপীঠৰ ছাত্র-ছাত্ৰী সকল দীৰ্ঘদিনৰ মূৰত নিজৰ আপোন বিদ্যালয় খনলৈ আহি লগৰীয়া সকলক লগ পোৱাত স্বাভাৱিকতে উৎফূল্লিত হৈ পৰিছে।বিদ্যালয়ৰ প্ৰবেশদ্বাৰতে হাত ধোৱা ,উষ্ণতা জোখা আদিৰ ব্যৱস্থা কৰাৰ লগতে শ্ৰেণীত পাঠদানৰ পূৰ্বে ছাত্ৰ ছাত্ৰী সকলক কভিড সজাগতাৰ সন্দৰ্ভত এক সভা আয়োজন কৰে। ছাত্ৰ-ছাত্ৰী সকলে কলে অন লাইন পাঠ গ্ৰহণত আমেজ নাই শ্ৰেণী কোঠাত পাঠ গ্ৰহণ কৰি যি আমেজ পোৱা যায় ।ইপিনে শিক্ষা গুৰু সকলো আনন্দিত ছাত্র-ছাত্ৰী সকলক শ্ৰেণী কোঠাত পাঠদান কৰিবলৈ পায়।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডে

Leave A Reply

Your email address will not be published.