জেষ্ঠ সাংবাদিক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান

0 228

শিৱসাগৰ প্ৰেছ ক্লাৱত ক’ভিড নীতি-নিয়যৰ মাজেৰে আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জেষ্ঠ সাংবাদিক, অসম আদিত্য বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক মনজিত বৰাক শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰদান কৰি অহা এই বঁটা ২০১২১ বৰ্ষৰ বাবে জেষ্ঠ সাংবাদিক মনজিত বৰাক প্ৰদান কৰে। শিৱসাগৰৰ সমাজকৰ্মী এম আই বড়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিৱসাগৰৰ জেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা, বিশিষ্ট এনজিঅ কৰ্মী ফৰিদ ইছলাম হাজৰিকা আৰু এজেৱাইচিপিৰ উপদেষ্টা জয়সূৰ্য বৰাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা মনজিত বৰাক সম্বৰ্ধনা পত্ৰৰ লগতে গামোচা, জাপি,চেলং চাদৰ, সঁফুৰাৰে উৰুলি ধ্বনিৰ মাজৰে বঁটা প্ৰদান কৰা হয়।বঁটা গ্ৰহণ কৰি জেষ্ঠ সাংবাদিক গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ বিষয় উল্লেখ কৰি কয় যে সাংবাদিকতাৰ বাবে বহু অজান শত্ৰু আছে। কিন্তু সমাজক গতি প্ৰদান কৰাৰ স্বাৰ্থত আমি আমাৰ কাম কৰি যাবলৈ বাধ্য। এতিয়া সময় সলনি হৈছে। এক সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি।বিভেদৰ বীজ সিঁচা হৈছে। এই বীজ এচাম স্বাৰ্থলোভীয়ে পেচাগত কাৰণত বিয়পাইছে। এই কথাবোৰ ৰাইজে বুজিব লাগিব আৰু ৰাইজে বুজিছে।তথাপিও একাংশ এই সোঁতত উঁটি গৈছে।এই বিষয় সমূহক লৈ আমি অধিক সজাগ হ’ব লাগিব।আৰু ইয়াতে এজন সাংবাদিকৰ দায়িত্ব বাঢ়ে।
শ্বহীদ সাংবাদিক কেৱল এজন সাংবাদিক নাছিল।আধুনিক দিখৌমুখৰ নিৰ্মাতা শইকীয়া এজন শিক্ষা সংস্কাৰক,শিক্ষাবিদ, স্বাধীনতা সংগ্ৰামী আৰু সংস্কাৰক আছিল।পৰৱৰ্তী সময়ত কলমৰ মাধ্যমেৰে সমাজৰ অপশক্তি সমূহক চিনাক্ত কৰি এই সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল।যাৰ বাবে এচামে নিজ স্বাৰ্থত বাধা পোৱাৰ বাবে তেওঁক হত্যা কৰিছিল।আজি এই কথা স্পষ্ট হৈ পৰিল যে আলফাই তেওঁক হত্যা কৰিলে।সৌ সিদিনা পৰেশ বৰুৱাই স্বীকাৰ কৰিলে যে কমলা শইকীয়াক হত্যা কৰাৰ সময়ত অৰবিন্দ ৰাজখোৱা আলফাৰ সেনাধক্ষ্যৰ দায়িত্বত আছিল।এই হত্যাৰ বাবে অৰবিন্দ ৰাজখোৱাক জেৰা কৰিব লাগে যিটো আজিলৈকে কৰা নাই।সেই সময়ত তেওঁৰ হত্যাৰ অনুসন্ধান কৰা আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে।আজিলৈকে বহু সাংবাদিকক হত্যা কৰা হ’ল।কিন্তু এটা হত্যাকাণ্ডৰো আইনী বিচাৰ নহল।গুৱাহাটী মহানগৰৰ জনবহুল ঠাইত পৰাগ দাসক হত্যা কৰাৰ পাছতো আজিলৈকে সেই হত্যাৰ বিচাৰ নহল।আচলতে চৰকাৰৰ প্ৰতাৰণাৰ বাবে এই সমূহৰ বিচাৰ নহয়।আৰক্ষীৰ বিফলতা আৰু দুৰ্নীতিৰ বাবে এনে সমূহৰ বিচাৰ নহয়।কলিতা ছাত্ৰ সন্থাই কমলা শইকীয়াৰ হত্যাৰ বিচাৰৰ এক দৃঢ় পদক্ষেপ লৈ তেওঁক ন্যায় প্ৰদানৰ বাবে আহবান জনায়।আজিৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদে সা‌ংবাদিকতাৰ পেছা সন্দৰ্ভত এক সাৰুৱা বক্তব্য প্ৰদান কৰে‌।তেওঁ কয়-কমলা শইকীয়াক কেইটামান কাপুৰুষে বুলেটেৰে জীৱন স্তব্ধ কৰিলে।কিন্তু সাংবাদিক কমলা শইকীয়া নমৰিল।তেওঁৰ সমাজৰ প্ৰতি সেৱাই তেওঁক জীয়াই ৰাখিলে।কমলা শইকীয়া ভৱিষ্যতৰ দিনটো জীয়াই থাকিব।আনহাতে বঁটা প্ৰদান অনুষ্ঠানৰ আন এজন বিশিষ্ট ব্যক্তি,শিৱসাগৰ জিলা সা‌ংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডাই এসময়ৰ সমাজৰ অপশক্তি সমূহে আজিৰ সমাজৰ এক প্ৰধান শক্তি হৈ পৰা বুলি উল্লেখ কৰি কয়-কমলা শইকীয়াৰ হত্যাকাৰী সকলক ন্যায়ালয়ে চিনাক্ত কৰিব নোৱাৰাটো এক বেলেগ বিষয়,কিন্তু সামাজিক ভাৱে এই সকল হত্যাকাৰী চিনাকি।কিন্তু আজিৰ দিনত এই সকল হত্যাকাৰীক আমি সামাজিক ভাৱে স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ আগত সময়ে সময়ে আঁঠু লৈছো।এইটো আজিৰ দিনৰ এক বিড়ম্বনা।এনে বিড়ম্বনাৰ বাবে কমলা শইকীয়াই আইনী ন্যায় নোপোৱাৰ লগতে সামাজিক ন্যায়ৰ পৰাও বঞ্চিত হৈছে।উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমৰ বিশিষ্ট এনজিঅ’ কৰ্মী ফৰিদ ইছলাম হাজৰিকাই উচিত ব্যক্তিৰ নামত প্ৰৱৰ্তন কৰা বঁটা উপযুক্ত ব্যক্তিক প্ৰদান কৰা হৈছে বুলি শলাগ লয়।তেওঁ শিৱসাগৰৰ সাংবাদিকৰ একতাই এক বিশেষ ধাৰাৰ সৃষ্টি কৰা বুলি মন্তব্য কৰি সাম্প্ৰদায়িক উচতনিৰ পৰা শিৱসাগৰৰ সাংবাদিক আঁতৰত বুলি উল্লেখ কৰে।এই সকল সাংবাদিকৰ বাবেই শিৱসাগৰত আজিও সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ হ’ব পৰা নাই বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পৰশমণি কাকতিয়ছ আঁতধৰা আৰু সভাপতি অংকুৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ বঁটা প্ৰদান অনুষ্ঠানত সন্থাৰ বহু নেতা-কৰ্মীৰ লগতে আন আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।সভাৰ শেষত সভাপতি এম.আই.বড়াই শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতি ৰক্ষা হ’ব লাগে বুলি উল্লেখ কৰি কয় যে- সাংবাদিক কমলা শইকীয়াৰ হত্যাৰ সময়ত শাসনত অগপ দলৰ চৰকাৰ আছিল।কিন্তু সেই সময়ৰ অসম চৰকাৰৰ গৃহমন্ত্ৰীৰ গাড়ীত আলফাৰ উপ-সেনাধক্ষ্য ঘূৰি ফুৰিছিল।আলফাৰ সমান্তৰাল চৰকাৰ আছিল সেই সময়ত।এই সমূহ অৰাজকতা ফাদিল কৰাৰ বাবে,কলম গুজৰি উঠাৰ বাবে অৱশেষত সাংবাদিক কমলা শইকীয়াক হত্যা কৰা হ’ল।এই হত্যাৰ বিচাৰ লাগে।সভাপতি গৰাকীয়ে এই হত্যাকাণ্ড আৰু ইয়াৰ বিচাৰ নোহোৱাৰ বাবে বৰ্তমানৰ চৰকাৰখনকো সমালোচনা কৰে।
বাতৰি যুগুতালে দিলিস্তান খানে

Leave A Reply

Your email address will not be published.