আজিৰে পৰা দুদিনৰ বাবে আৰম্ভ হ’ল আন্তঃজিলা পৰিবহন ব্যৱস্থা

0 480

আজিৰে পৰা কেতবোৰ নীতি নিৰ্দেশনাৰ মাজেৰে গুৱাহাটীত আনলক-১ প্ৰযোজ্য হৈছে। পূৰ্বতকৈ শিথিলতা অনা হৈছে মহানগৰীত। সমান্তৰালভাৱে পৰিবহন বিভাগে আজিৰে পৰা দুদিনৰ বাবে অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰৰ দিন দুটাত আন্তঃজিলা যাতায়াত ব্যৱস্থা প্ৰযোজ্য কৰিছে। বুধবাৰৰ পিছত পুনৰ বন্ধ হ’ব আন্তঃজিলা যাতায়াত ব্যৱস্থা। উল্লেখযোগ্য যে আজি গুৱাহাটীৰ আই এচ বি টিৰ পৰা উজনি অসমলৈ ৮খন বাছ চলাচল কৰিব। এ এছ টি চিৰ কৰ্তৃপক্ষৰ মতে যদিহে যাত্ৰীৰ সংখ্যা অধিক হয় তেন্তে আৰু অধিক বাছ চলাচলৰ বাবে সাজু আছে কৰ্তৃপক্ষ।

Leave A Reply

Your email address will not be published.