আজিৰে পৰা পাঁচদিনীয়াকৈ শুভাৰম্ভ চানডুবি উৎসৱ

0 225

ৰাজ্যৰ অন্যতম পর্যটন ক্ষেত্ৰ তথা ৯ খন প্রধান বিলৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম।১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিলখনৰ অপূৰ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু থলগিৰী নৃগোষ্ঠীয় লোকাচাৰ আৰু কলা-কৃষ্টিৰ সমাহাৰ ঘটাই স্থানীয় ৰাভা জাতীয় সংগঠনৰ দ্বাৰা গঠিত চানডুবি উৎসৱ উদযাপন সমিতিয়ে বর্ণাঢ্য কাৰ্যসূচীৰে চানডুবি উৎসৱৰ অনুষ্ঠিত কৰি আহিছে।

পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ চিৰসেউজ পৰিৱেশৰ মাজত আজিৰে পৰা আৰম্ভ হৈছে চানডুবি মহোৎসৱ।বিগত বৰ্ষৰ দৰে এইবেলিও আজি অৰ্থাৎ নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হয় এই উৎসৱৰ। পুৱা উদ্‌যাপন সমিতিৰ সভাপতি সুভাষ চিনালে পতাকা উত্তোলন কৰাৰ লগতে উদযাপন সমিতিৰ সম্পাদক দীপজ্যোতি ৰাভাই আঁতধৰা অনুষ্ঠানটিত উৎসৱৰ মূল তোৰণ “চানডুবি দেৰা“আনুষ্ঠানিকভাবে মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মুকলি কৰি বিধায়ক বিধায়ক ঠাকুৰীয়াই কয় যে -চানডুবি কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ অমূল্য সম্পদ৷অন্যতম প্ৰাকৃতিক ক্ষেত্ৰখন বিশ্ব পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰি বিধায়ক ঠাকৰীয়াই।আনকি অসমমালা আঁচনিৰ জৰিয়তে মিৰ্জাৰ পৰা চানডুবিলৈ পথচোৱা উন্নতি হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে৷ আনহাতে উৎসৱৰ কাৰ্যসূচীত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ উপৰিও পাৰিষদ নৃপেন চন্দ্ৰ ৰাভা দিলীপ কুমাৰ ৰাভাকে কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত আছিল৷ইফালে উৎসৱথলীৰ প্রদর্শনস্থলী লাঙাবুৰা’ জ্যেষ্ঠ অধিবক্তা তপন দাসে মুকলি কৰাৰ পিছতে থলুৱা খেল-ধেমালি মুকলি কৰে অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীয়ে৷আনহাতে অতিথিশালা ‘ডগৰবুৰা’ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। চান্দ সদাগৰ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই। ইয়াৰ সমান্তৰালভাৱে থলুৱা খাদ্য মেলাৰ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মি ৰাভাই আৰু বানিজ্য মেলাৰ দ্বাৰ মুকলি কৰে পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে। আনহাতে, উক্ত উৎসৱৰ স’তে সংগতি ৰাখি উদীয়মান কবি চাৰ্জেন ৰাভা মেগোৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ ‘লকেয়া’ উন্মোচন কৰে কুঁহিপাঠৰ স্ৰষ্টা গৌৰীকান্ত ভুঞাই। উৎসৱৰ কাৰ্যসূচীতে বিশিষ্ট গৱেষক ভুবিন ৰাভাই সাংবাদিক নীৰেন্দ্ৰ প্ৰসাদ ৰাভাৰ গ্ৰন্থ এখনো উন্মোচন কৰে। উল্লেখ্য যে নৱবৰ্ষৰ প্রথম দিনটোত প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ আগমনত উখল-মাখল হৈ উঠা সেউজীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত চতুৰ্দশ বাৰ্ষিক উৎসৱৰ প্ৰদৰ্শনস্থলীত দৃষ্টিনন্দন শিল্পকর্ম তথা নৃগোষ্ঠীয় থলুৱা বিবিধ খাদ্য ব্যঞ্জনৰ সমাহাৰে সকলোকে আকৰ্ষিত কৰে। উৎসৱত বগেজাৰী, বহুৰঙী তথা ঝুমুৰকে ধৰি বাৰেৰহনীয়া কলা-কৃষ্টিৰ তালত প্ৰকৃতি নন্দিনী চানডুবি অনন্য ৰূপত উদ্ভাসিত হৈ উঠে। আজি পৰা আৰম্ভ হোৱা চানডুবি উৎসৱৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ খাদ্য সম্ভাৰে দৰ্শনাৰ্থীক আষৰ্কিত কৰা পৰিলক্ষিত হৈছে।পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা চানডুবি উৎসৱত প্ৰত্যেক দিনা দৰ্শনাৰ্থীৰ ভিৰ হ’ব আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.