ঢকুৱাখনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাটমুগা বস্ত্ৰ উদ্যোগৰ শুভ উদ্বোধনী-সোণালী সূতাৰ প্ৰাচুৰ্য ভূমিত প্ৰাণ প্ৰতিষ্ঠা হ’ল প্ৰথমটো বস্ত্ৰ উৎপাদনী কেন্দ্র

0 242

এক শৰণ নাম ধৰ্মৰ প্ৰবৰ্তক,জগতগুৰু শ্ৰীমন্ত  শংকৰদেৱ গুৰুজনাৰ মাৰ্গ দৰ্শনৰ লগতে অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ এক সৰ্বজন সমাদৃত আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ।আধ্যত্মিক চিন্তা চেতনাৰে সমৃদ্ধ পৰিশীলিত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গঠিত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ সাহিত্য,ধৰ্মীয় গণতান্ত্ৰিক অনুষ্ঠান এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত শেহতীয়া ভাবে আৰম্ভ হৈছে স্বনিয়োজন আৰু আত্মনির্ভৰশীলতাৰ এক সুপৰিকল্পিত অভিযান। সংঘৰ পৃষ্ঠপোষকতাত ২০১৫ চনতে আত্মপ্ৰকাশ কৰা “থ্ৰীফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ চ’চাইটি লিমিটেডৰ উদ্যোগত ইতিমধ্যে ৰাজ্যখনত ২৬ টা শাখা মুকলি কৰি প্ৰায় ১৪৭ গৰাকী  সক্ৰিয় এজেন্ট নিয়োগেৰে মুঠ ১২১টা আই মাতৃ কল্যান গোট গঠন কৰি নিজস্ব লক্ষ্যত উপবিষ্ট হ’বলৈ সক্ষম হৈছে। ইতিমধ্যে চ’চাইটিৰ পঞ্জীভূত মুঠ ৬১ টা গোটক প্ৰায় ১কোটি ২০ লাখ টকাৰ  আৰ্থিক ঋণ প্ৰদান কৰাৰ উপৰিও বিগত সময়ছোৱাত চ’চাইটিযে স্বচ্ছতাৰে প্ৰায় ২০ কোটি টকাৰ বিত্তীয় লেনডেন কৰিবলৈ সক্ষম হৈছে।ঢকুৱাখনাত এই মন্তব্য কৰে চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই।সংঘৰ ঢকুৱাখনা জিলা নাম ঘৰ প্ৰাঙ্গনত মঙলবাৰে অনুষ্ঠিত এক উন্মোচনী সভাত এই মন্তব্য কৰে সংঘৰ একনিষ্ঠ সেৱক তথা অধ্যক্ষ গৰাকীয়ে।  সংঘৰ ঢকুৱাখনা জিলা  শাখাৰ অধীনত চ’চাইটিৰ দ্বাৰা পৰিচালিত নৱনির্মিত পাট মুগা বস্ত্ৰ উদ্যোগ এটাৰ দ্বাৰ উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়াই চ’চাইটিৰ মুৰব্বী গৰাকীয়ে। চ’চাইটিৰ দ্বাৰা পৰিচালিত প্ৰথমটো পাট মুগা বস্ত্ৰ উদ্যোগৰ শুভ উন্মোচন কৰে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।প্ৰাৰম্ভিক পৰ্য্যায়ত জিলা শাখাৰ অন্তৰ্গত বৰপাত্ৰ গাঁওত মুঠ ৪ খন তাঁত শালৰে উদ্বোধিত এই  বস্ত্ৰ উদ্যোগটোৰ  শুভ উদ্বোধনী অনুষ্ঠানৰ সতে সংগতি ৰাখি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই।
ঢকুৱাখনা শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত শ্ৰুতিমধুৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰা সভাত মুখ্য অতিথি হিচাপে সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, সন্মানীয় অতিথি হিচাপে সংঘৰ  উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল , বিশিষ্ট অতিথি হিচাপে লখিমপুৰ জিলা হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ কনিষ্ঠ হিচাপ পৰীক্ষক আৰু পৰিদৰ্শক অজয় দলে, মীৰা দেৱী,সংস্কৃতি শাখা সমিতিৰ সভাপতি পৱিত্ৰ প্ৰাণ বৰা,  ঢকুৱাখনা জিলা সেৱাবাহিনীৰ ৰক্তদানৰ কোষৰ সমন্বয়ক
অনিন্দ্ৰিতা ৰাজখোৱা,সংঘৰ একনিষ্ঠ সেৱক পূৰ্ণানন্দ গগৈ, টংকেশ্বৰ গোঁহাই, মনোৰম ফুকন, সুৰজিত বৰপাত্ৰ গোঁহাই, পুতুল শইকীয়া, সঞ্জীৱ বৰুৱা, মোহন শইকীয়া, বলোৰাম দত্ত,থানেশ্বৰ বৰা,নৰ ফুকন,বগেন কোচ,কিৰণ বৰুৱা,নক্ষ গগৈ, দেৱ কুমাৰ গগৈ ,সতীশ বৰুৱা, মোহন দাস ,প্ৰাঞ্জল প্ৰতীম ফুকন,সুখেশ্বৰ শইকীয়া,প্ৰফুল্ল কোঁৱৰ আদি গৰিষ্ঠ সংখ্যক আই বাপ সমস্ত উপস্থিত থাকে।চ’চাইটিৰ পৰিচালন সঞ্চালক মমতা কাকতিযে জনোৱা মতে  নগাঁও জিলাৰ সৰা গাঁওত চ’চাইটিৰ ২ বিঘা নিজা মাটি কালিত প্ৰথমটো উৎপাদনী গোট ডিছ পাত, কাগজৰ কাপ, বাতি, ধূপ আদিৰ উদ্যোগ স্থাপন কৰা হৈছে।ইতিমধ্যে ব্যৱসায়িক ভাৱে ব্যাপক সফলতা আৰু আশাব্যঞ্জক লাভ অর্জন কৰিবলৈ সক্ষম হোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৰঙিয়া অধিবেশনৰ কেউটা দিনত ব্যৱহৃত এনেবোৰ সামগ্ৰী কেৱল সংঘৰ এই উৎপাদনী গোটৰ পৰা একক ভাবে যোগান ধৰা হব বুলি প্ৰত্যয়েৰে জনালে। ঢকুৱাখনাত স্থাপিত চচাইটিৰ দ্বিতীয়তো নিজস্ব উৎপাদনী গোট তথা ৰাজ্যখনৰ প্ৰথমটো বস্ত্ৰ উদ্যোগৰ  জৰিয়তে বৰমুগা ,এড়ি মুগা ,পাটৰ পৰা প্ৰস্তুত হোৱা সকলো বস্ত্ৰ সম্ভাৰ উৎপাদন কৰা হব বুলি কৈ নিভাঁজ, পৰিশুদ্ধ, নিৰ্ভেজাল আৰু নিখুঁত বস্ত্ৰ উৎপাদন কৰি চ’চাইটিৰ কৰ্মঠ অংশীদাৰী সকলৰ আৰ্থিক স্বাৱলম্বনৰ লগতে অসমীয়া জাতীয় সমাজ জীৱনৰ অংগাংগী ভাবে সম্পৃক্ত পৰম্পৰাগত বয়ন শিল্পটোক অধিক উজ্জীৱিত কৰাৰ বাবে এনে প্ৰয়াস গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। সোণালী সূতাৰ প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাত সংঘৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত প্ৰাণ প্ৰতিষ্ঠা হোৱা এই উদ্যোগটোৱে অনাগত সময়ত গুণগত বস্ত্ৰ উৎপাদন কৰি সুলভ মূল্যৰ এখন লাভজনক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.