আজিৰ খবৰ

0 226

হেমচন্দ্ৰ বৰুৱাৰ নেতৃত্বত অসমীয়া ভাষাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। তেখেত এগৰাকী ভাষা বিজ্ঞানী হোৱাৰ উপৰিও সমান্তৰালকৈ সমাজ পৰিৱৰ্তনৰ বাবে আগভাগ লৈ তেওঁ অসমত সাংবাদিকতাৰ বাট মুকলি কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ বাবে তেওঁ দেহে কেহে খাটিছিল। সেয়ে তেওঁ চিৰনমস্য। এই মন্তব্য ড৹ চন্দ্ৰ শেখৰ কাম্বাৰৰ। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰে। সাদিন-প্ৰতিদিন গোষ্ঠী আৰু হেমকোষ প্ৰকাশন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাষাৰ দেউল খ্যাত হেমচন্দ্ৰ বৰুৱাৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তি উন্মোচিত হয়।

হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অনুষ্ঠানটোত হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা আৰু হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা এই দুই বঁটা প্ৰদান কৰা হয়। এই বঁটা লাভ কৰে ক্ৰমে ভাষাচাৰ্য্য গোলক চন্দ্ৰ গোস্বামী আৰু ইলোৰা বিজ্ঞান মঞ্চই। অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ ব্যক্তিৰ লগতে বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে চেণ্টাৰ ফ’ৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভলপমেণ্ট চমুকৈ কাৰ্ডে ভাৰতীয় খাদ্য আৰু কৃষি পৰিষদৰ যুটীয়া সহযোগত অহা ৩ মে’ পৰা ৫মে’ লৈ আয়োজন কৰিছে। ভাইবেণ্ট নৰ্থইষ্ট শীৰ্ষক এক অনুষ্ঠানৰ। খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উত্তৰ পূব প্ৰগতিশীল কৃষক এৱাৰ্ড অনুষ্ঠিত হ’ব। আজি মহানগৰীৰ হোটেল লিলিত আয়োজন কৰা এক সংবাদ মেলত আৱাসিক সঞ্চালক তুষাৰ শৰ্মা ই কয় যে এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূবৰ কৃষি আৰু গ্ৰাম্য ক্ষেত্রৰ প্ৰদৰ্শনী, উদ্যোগীক প্ৰদৰ্শনী আদি বোৰ অনুষ্ঠিত হ’ব। কাৰ্ডৰ উপ সঞ্চালক আশ্ৰাফ হামিদ খানে কয় যে ভাইবেণ্ট নৰ্থইষ্ট এনে মঞ্চ যাৰ জৰিয়তে প্ৰত্যক্ষ ভাৱে নৱপ্ৰজন্ম, প্ৰগতিশীল মহিলা আৰু স্বেচ্ছাসেৱী সংগঠন আৰু উন্নয়ন মুলক এজেঞ্চী সমূহে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। ভাইবেন্ট নৰ্থইষ্টৰ এই পদক্ষেপক বিজ্ঞান প্ৰযুক্তি বিভাগ,কৃষি আৰু প্ৰক্ৰিয়াজাত সামগ্ৰী ৰপ্তানি কৰ্তৃপক্ষ উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰালয়ে সহযোগ কৰিছে ৷

Leave A Reply

Your email address will not be published.