আজিৰ খবৰ

0 279

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ সঞ্চালক প্ৰধান সঞ্জয় কুমাৰে যোৱা ১০ জুনত দিল্লীৰ পৰা বিমানেৰে আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছত পোনে পোনে আজাৰাৰ পাটগাঁওস্থিত অসম এন ডি আৰ এফৰ মুখ্য কাৰ্য্যলয়ত উপস্থিত হয়। অসম এন ডি আৰ এফৰ কামাণ্ডেণ্ট সতীশ কুমাৰ শাস্ত্ৰীৰ নেতৃত্বত বিষয়া জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত সঞ্চালক প্ৰধান সঞ্জয় কুমাৰে এখন সৈনিক সন্মিলনত ভাগ লয়। সন্মিলনত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ বাৰিষা তথা মৌচুমীৰ সময়ত অধিক দুৰ্যোগৰ আশংকা থাকে। সেয়েহে বাহিনীটোৰ সকলো বিষয়া জোৱানক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু থাকিবলৈ আহবান জনায়।

ইয়াৰ উপৰিও সঞ্চালক প্ৰধান গৰাকীয়ে বিগত সময়ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত এন ডি আৰ এফৰ উদ্যোগত অনুষ্ঠিত হোৱা দুৰ্যোগ প্ৰশমন, দু্ৰ্যোগ প্ৰশমনৰ সজাগতা, প্ৰশিক্ষণকে ধৰি বিভিন্ন সজাগতা মূলত কাৰ্য্যসূচীৰ বুজ লয়। তেনেদৰে এন ডি আৰ এফৰ চিকিৎসালয়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বাহিনীটোৰ বিষয়া জোৱান সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও তেওঁলোকক মিঠাই আৰু ফল মূল বিতৰণ কৰে। উল্লেখ্য যে এন ডি আৰ এফৰ শীৰ্ষ বিষয়াগৰাকীয়ে ১২ জুনলৈ তিনিদিনীয়া অসম ভ্ৰমণলৈ আহি চৰকাৰী বিভিন্ন কাম-কাজ বুজ লয়।

কালিৰে পৰা মহানগৰীৰ হোটেল পেলাচিঅ’ত অনুষ্ঠিত হ’ব বেংগলী ফুড ফেষ্টিভেল।এই ফুড ফেষ্টিভেল ২০ দিন পৰ্য্যন্ত চলি থাকিব। আমিষ আৰু নিৰামিষ সকলো ধৰণৰ খাদ্য এই ফুড ফেষ্টিভেলত উপলব্ধ হ’ব। আজি সংবাদ-মাধ্যমৰ আগত এই কথা সদৰি কৰি চেফ অতনু ঘোষে কয় যে, পেলাচিঅ’ হোটেলত দ্বিতীয় বাৰৰ বাবে এই ফেষ্টিভেল অনুষ্ঠিত হ’ব। ইয়াত প্ৰতি খন থালিৰ নুন্যতম মূল্য ২৫০ টকা ধাৰ্য্য কৰা হৈছে। উল্লেখযোগ্য যে, এনেদৰে পূৰ্বেও সময়ে সময়ে বিভিন্ন ধৰণৰ ফুড ফেষ্টিভেল পেলাচিঅ’ত অনুষ্ঠিত হৈ আহিছে।

Leave A Reply

Your email address will not be published.