আজিৰ পৰা আৰম্ভ হৈছে পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন। সম্পূৰ্ণ এমাহজুৰি চলিবলগীয়া এই অধিৱেশনতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দাখিল কৰিব প্ৰথমখন পূৰ্ণাংগ বাজেট ।১৬জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগয়ে ২০২১-২০২২ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিধানসভাত । মন কৰিবলগীয়া যে, অজন্তা নেওগেই হ’ব বাজেট দাখিল কৰা অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী ।আনহাতে, এমাহজোৰা বাজেট অধিৱেশনত দাখিল হ’ব বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক । ইয়াৰে দুখন বিধেয়কক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক মহলত তীব্ৰ বাদানুবাদ আৰু মতানৈক্য । এই বিধেয়ক দুখন হৈছে- জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো সুৰক্ষা বিধেয়ক । ইফালে বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰৰ অধিৱেশনত কেতবোৰ কঠোৰ নিয়ম মানি চলা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ।এইবেলি বিধানসভাত বন্ধ কৰা হৈছে সংবাদ মাধ্যমৰ প্ৰৱেশ । তদুপৰি নিৰাপত্তাজনিত কাৰণত এইবাৰ অধিৱেশনৰ সময়চোৱাত বিধানসভাত জামাৰৰ জৰিয়তে ম’বাইল নেটৱৰ্ক ডাউন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে । এইবাৰৰ অধিৱেশনত ৰাজ্যৰ ১২৬ গৰাকী বিধায়কলৈ বিধানসভা সচিবালয়ে লেপটপ যোগান ধৰিছে ।এই লেপটপতে সকলো বিধায়কে অনলাইনযোগে লাভ কৰিব অধিৱেশনৰ প্ৰতিদিনৰ কাৰ্যক্ৰমণিকাৰ সকলো নথি-পত্ৰ । প্ৰথমবাৰৰ বাবে এইবাৰৰ বাজেট অধিৱেশনত প্ৰচলন কৰা হৈছে বড়ো ভাষাৰ। বিধায়কসকলে অসমীয়া, ইংৰাজী, হিন্দী আৰু বঙালী ভাষাৰ লগতে বড়ো ভাষাতো প্ৰশ্ন উত্থাপন কৰিব পাৰিব বিধানসভাত ।
Trending
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন