আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ বাবে ২০লাখ কোটি টকা আৰ্থিক পেকেজৰ ঘোষণা-প্ৰধানমন্ত্ৰী

0 282

সম্প্ৰতি দেশত তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে। কালি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা বৈঠকৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে।
 
 
তেখেতে কয় যে বিশ্বৰ স্থিতিয়ে আমাক আত্মনিৰ্ভৰশীল হ’বলৈ শিকাইছে। ক’ৰণাৰ আৰম্ভণিতে ভাৰতত এটাও পি পি ই কীট নাছিল। এতিয়া দুই লাখ পি পি ই কীট আৰু এন ৯৫মাস্ক প্ৰস্তুত কৰিছে। সমগ্ৰ বিশ্বই বিশ্বাস কৰে ভাৰতে ভাল কাম কৰি আছে আৰু কৰি যাব।
 
দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ বাবে ২০লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ ঘোষণা কৰে। আনহাতে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সবিশেষ ১৮মে’ত ঘোষণা কৰিব বুলি মন্তব্য কৰে। স্থানীয়ভাৱে ভাৱে উৎপাদিত সা সামগ্ৰীয়ে জনসাধাৰণক স্থানীয় বস্তুৰ গুৰুত্ব সম্পৰ্কে বুজাই দিলে বুলিও মত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.