আনন্দ মিশ্রক বীৰোচিত আদৰণি ঢকুৱাখনীয়াৰ

0 252

ৰিয়েল লাইফৰ নহয় যেন ৰিল লাইফৰহে মহানায়কৰ আগমন ঘটিল মঙ্গলবাৰে নিশা ঢকুৱাখনালৈ। কোনো দিনে এগৰাকী শীর্ষ আৰক্ষী বিষয়াক ওচৰৰ পৰা চাবলৈ,এষাৰ মনৰ কথা ব্যক্ত কৰিবলৈ এনে উৎসাহপূৰ্ণ স্বতঃস্ফূৰ্ত জনসমাগম হোৱা নাছিল ঢকুৱাখনাৰ ইতিহাসত।

আনন্দ মিশ্ৰ নামেই যাৰ পৰিচয়।এইগৰাকী আপোচবিহীন শীর্ষ আৰক্ষী বিষয়া মঙ্গলবাৰে  সন্ধিয়া প্ৰায় ৭-৫০ বজাত বিভাগীয় কাৰ্যসূচী হাতত লৈ উপস্থিত হয় ঢকুৱাখনা সদৰ থানাত।এই কাৰ্যসূচী সন্দৰ্ভত জানিব পাৰি অধীক্ষক গৰাকী থানাত উপস্থিত হোৱাৰ লগে লগেই নগৰৰ শ শ ৰাইজ স্বতঃস্ফূৰ্ত ভাবে ব্যতিক্ৰমী আৰু  আপোচবিহীন শীর্ষ আৰক্ষী বিষয়া গৰাকীক ওচৰৰ পৰা চাবলৈ সম্ভাষণ জনাবলৈ উপস্থিত হয় থানা চৌহদত।
অধীক্ষক গৰাকী থানাত উপস্থিত হোৱাৰ লগে লগেই সমবেত ৰাইজে বিষয়া গৰাকীক আদৰি সম্ভাষণ জনাই আৰম্ভ কৰে শ্লোগান দিয়াৰ।ৰাইজে বীৰোচিত সন্মান প্ৰদৰ্শন কৰি অপেক্ষা কৰি থকাৰ সম্ভেদ পাই  সময় অপব্যয় নকৰি ৰাইজৰ মাজলৈ  ওলাই আহে আৰক্ষী অধীক্ষক মিশ্ৰ। ৰাইজৰ পাৰ ভঙা উচাহ আৰু উষ্ণ সম্ভাষণ গ্ৰহণ কৰি  মিশ্ৰই কলে মই সদায় আছো আপোনালোকৰ মাজত।হুলস্থুল নকৰিব। আপোনালোকৰ মাজৰে এজন মই। দুৰ্নীতি ভ্ৰূষ্টাচাৰ , সমাজবিৰোধী অপশক্তিক  নিৰ্মূলৰ পণ লৈ অহা হেঁপাহৰ আৰক্ষী বিষয়া গৰাকীক কাষত পাই উৎসাহী ৰাইজে কৰা প্ৰচণ্ড ঠেলা হেঁচাত থানাৰ খিৰিকীৰ গ্লাছ পৰ্যন্ত ভাঙি এগৰাকী ব্যক্তিৰ হাত কাটি থানাৰ মজিয়া ৰক্তাক্ত হোৱাও পৰিলক্ষিত হল।  এনে সময়তে থানাত উপস্থিত হয় হত্যাকাৰীৰ নিৰ্মম  প্ৰহাৰত মৃত্যু হোৱা  ঢকুৱাখনা দুলিয়া গাঁওৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী অৰুণ বৰুৱাৰ শোকাহত আত্মীয়। আৰক্ষী অধীক্ষক মিশ্ৰক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাৰ পাছতে অধীক্ষক গৰাকী ঘটনাস্থলী (পি অ)পৰিদর্শন কৰি স্থানীয়  প্ৰত্যক্ষদর্শীৰ জৰিয়তে ৰাস্তাত শোৱাই কিদৰে মুমূৰ্ষু অৰুণ বৰুৱা পথৰ ওপৰত পৰি আছিল তাৰ নাটকীয় ৰূপান্তৰ  প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে অধীক্ষক গৰাকী মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয়লৈ যায় আৰু পাছত লখিমপুৰলৈ উভতি যায়। আৰক্ষী আৰু ৰাইজৰ মাজত জনসম্পৰ্ক ধৰি আৰু বৰ্তাই ৰখাত বিগত সময় চোৱাত  নিৰ্লজ ভাবে মুখ ঠেকেছা খাই অহা জিলা আৰক্ষী প্রশাসনৰ শীর্ষ বিষয়া সকলৰ তথাকথিত আভিজাত্যতা আৰু দাম্ভিক আচৰণৰ বিপৰীতে আনন্দ মিশ্ৰৰ একাত্মতা আৰু গণ দায়বদ্ধতাৰ ওপৰত সুকীয়া আস্থা আৰু বিশ্বাসৰ সম্বল বিচাৰি পাই মঙ্গলবাৰে নিশা ঢকুৱাখনাবাসীয়ে স্বতঃস্ফূৰ্ত ভাবে জনোৱা শুভেচ্ছা আৰু বীৰোচিত আদৰণিয়ে মোক ৰাইজৰ ভালৰ বাবে হিতৰ বাবে কাম কৰাৰ বহুত শক্তি দিব বুলি  স্বভাৱ সুলভ হাস্য বদনে ব্যক্ত কৰি নব নিযুক্ত আৰক্ষী অধীক্ষক গৰাকী নিশা লখিমপুৰলৈ উভতি যায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.