আনুষ্ঠানিকভাৱে মুকলি হ`ল শিশু কৰ্কট চিকিৎসা কক্ষ

0 274

এন আৰ এলে সামাজিক দায়বদ্ধতা(CSR)ৰ আঁচনিৰ অধীনত বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ শিশু কৰ্কট চিকিৎসাৰ কক্ষ নিৰ্মাণৰ বাবে ২ কোটি টকা আগবঢ়াই। ২ কোটি টকা ব্যয় সাপেক্ষে গঠন হোৱা শিশু চিকিৎসা বিভাগটো কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড°এ চি কটকী লগতে NRLৰ প্ৰৱন্ধ সঞ্চালক এছ কে বৰুৱাই।
এই শিশু চিকিৎসা কক্ষটো চাৰিটা কক্ষ খেলাধূলা কৰা ঠাইৰ লগতে বিভিন্ন উচ্চ প্ৰযুক্তি সম্পন্ন সুবিধা যেনে ভেন্টিলেটৰ, ১২চেনেল ৰ ই.চি.জি যন্ত্ৰ, ৰোগী পৰিবীক্ষক(মনিটৰ), শিশু চিকিৎস্যা পেডেলৰ সৈতে ডিফাইব্ৰিলেটৰ, ইক’ সহিত পৰ্টেবল আলট্ৰাচাউণ্ড, ডি.আৰ একক যুক্ত ভ্ৰাম্যমান এক্স-ৰে, পাঁচ কাৰ্য্যক্ষম শিশুৰোগী বিচনা, এয়াৰ কণ্ডিচনাৰ সহ এয়াৰ হেন্ডলিং ইউনিট আৰু চিকিৎস্যালয় গেছ পাইপ প্ৰণালীৰ ব্যৱস্থা কৰা হৈছে।
শিশুৰ মানসিক বিকাশৰ বাবে বিভিন্ন উপাদান এই কক্ষটোত সংযোজিত কৰা হৈছে। NRLৰ সহযোগত গঠিত শিশু কৰ্কট চিকিৎস্যা কক্ষই শিশু ৰোগী সকলক উন্নত চিকিৎসা আৰু এটা সুন্দৰ পৰিৱেশ দিয়াৰ বাবে সহায় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave A Reply

Your email address will not be published.