উত্তৰপূবৰ প্রথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

0 316

ৰাজ্যখনৰ দক্ষতা বিকাশৰ যাত্ৰাত এক নতুন দিশৰ সূচনা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি দৰং জিলাৰ মঙলদৈত পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰে।প্ৰায় ১ হাজাৰ কোটি টকা ব্যয়ৰে ২৫০ বিঘা ভূমি সামৰি স্থাপন হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ে প্ৰায় ১০ হাজাৰৰো অধিক ছাত্ৰ ছাত্ৰীক ১২ টা পৃথক শাখাৰ দক্ষতা বিকাশৰ পাঠ্যক্ৰম প্ৰদান কৰিব।২০২৬ চনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বলগীয়া এই বিশ্ববিদ্যালয়ত ছিংগাপুৰ,জাৰ্মান,টাইৱান,দক্ষিন কোৰিয়া,ইজৰাইল, জাপান,ইংলেণ্ড আদিৰ দৰে দেশৰ বিভিন্ন দক্ষতা বিকাশৰ প্ৰতিষ্ঠানৰ বিনিময় অংশীদায়িত্বৰ বাবে ৰাজ্য চৰকাৰে বুজা-বুজিৰ চুক্তি স্বাক্ষৰৰ পদক্ষেপ লৈ আছে।
আন্ত:ৰাষ্ট্ৰীয় স্তৰৰ এনে উন্নত প্ৰতিষ্ঠান তথা বিশ্বৰ শীৰ্ষ স্থানীয় প্ৰযুক্তিৰ কোম্পানীসমূহ সৈতে থকা এনে সহযোগিতাই বিশ্ববিদ্যালয়খনৰ প্ৰশিক্ষণৰ মান আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰি তুলিব আৰু মান সম্পন্ন বৃত্তিমুখী শিক্ষা প্ৰদানেৰে ভাৰতৰ উপৰি বিভিন্ন ঠাইত নিয়োজনৰ সুবিধা বৃদ্ধি কৰিব।এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এনে এখন বিশ্বমানৰ বৃত্তিমুখী প্ৰতিষ্ঠান মঙলদৈত স্থাপন হোৱাৰ বাবে মঙলদৈ তথা সমগ্ৰ দৰংবাসীক অভিনন্দন জনোৱাৰ উপৰিও তেওঁলোকে যথেষ্ট সৌভাগ্যৱান বুলিও কয়।যিকোনো ভাল প্ৰতিষ্ঠান স্থাপনৰ বাবে অসমৰ ৩৪ খন জিলাৰ কোনখন জিলা উপযুক্ত হ’ব সেইটো বিচাৰ-বিবেচনা চৰকাৰে চিন্তা কৰিবলগীয়া হয় যদিও মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ,বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াৰ অক্লান্ত প্ৰচেষ্টাত এই প্ৰতিষ্ঠানখন ইয়াত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও কয়।বিশ্বমানৰ এই প্ৰতিষ্ঠান খনে মঙলদৈক এক সুকীয়া পৰিচিত প্ৰদান কৰিব বুলি উল্লেখ কৰি এই প্রতিষ্ঠান খন স্থাপনৰ দিশত সকলো ধৰণৰ সহায় সহযোগিতা অভিভাৱকৰ দৰে আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে স্থানীয় জনসাধাৰণৰক আহ্বান জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি উদ্যোগ আৰু বাণিজ্য তথা দক্ষতা,নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰি আজিৰ দিনটোত অসমৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে। আজিৰ দিনটোত উত্তৰ পূবৰ প্ৰথম আৰু ভাৰতৰ তৃতীয়খন এনে ধৰণৰ প্ৰতিষ্ঠান হিচাপে মঙলদৈত সম্পূৰ্ণ ব্যতিক্ৰমী পাঠ্যক্ৰমেৰে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে।
অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া,নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব ডাঃ কে কে দ্বিবেদী,আনন্দ প্ৰকাশ তিৱাৰী,দৰং জিলাৰ উপায়ুক্ত প্ৰমুখ্যে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.