লতাশিলত শতাধিক জনসাধাৰণে পৰিবেশন কৰিলে জাতীয় সংগীত

0 262

আমি লতাশিল খেল পথাৰলৈ যাম,আমাৰ জাতীয় সংগীত গম,শিৰোনামেৰে দেওবাৰ দিনৰ ১ বজাত ঐতিহাসিক লতাশিল খেলপথাৰত ভাষা ধৰ্ম বৰ্ণ জাতি উপজাতি সকলো ভেদা ভেদ পাহৰি মহাপীঠ নিৰ্মাণৰ সংকল্পৰে সমবেত কেইবাশ লোকে সমস্বৰেৰে পৰিৱেশন কৰিলে জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ।
অসমৰ জাতীয় সংগীত ইতিহাসৰ ১১১ বছৰীয়া তথ্য সম্ভাৰেৰে পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী খাৰঘুলিস্থিত অসম জাতীয় সংগীত আৰু জনজাতীয় জনগোষ্ঠীৰ ভাষাৰূপ অধ্যয়ন-গৱেষণা প্ৰকল্পই কুৰি বছৰীয়া গৱেষণাৰে উদ্ধাৰ কৰা তথ্যবোৰে অসমৰ জাতীয় সংগীতক নতুনকৈ সজাই তোলে।কেইবাশ লোকৰ উপস্থিতিত পৰিৱেশন কৰা জাতীয় সংগীতৰ অনুষ্ঠানৰ দৃশ্যাংশৰো দৃশ্য গ্ৰহণ কৰা হয়।
অসমৰ জাতীয় সংগীত আৰু জনজাতীয়-জনগোষ্ঠীৰ ভাষাৰূপ অধ্যয়ন গৱেষণা প্ৰকল্প মুখ্য গৱেষক ,তথ্যচিত্ৰ নিৰ্মাতা ৰাজীৱ হৰি কৌশিকে আদৰণি ভাষণ, বিশিষ্ট সংগীতশিল্পী নন্দ বেনাৰ্জীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই অনুষ্ঠানত শাৰদী শইকীয়া, হৰি শৰ্মা,সুবোধ শৰ্মা,ভবৰঞ্জন ৰায়,তৰেন বড়ো,আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
১৩ সংখ্যক আসাম ছাত্ৰ সন্মিলনত ২৭ আৰু ২৮ অক্টোবৰত শাৰদীয় বতৰতে পাঁচ হাজাৰ লোকৰ উপস্থিতিত সমবেত ৰাইজ জাতীয় সংগীত ৰূপে পৰিবেশন কৰিছিল।তেজপুৰৰ বান থিয়েটাৰ অৰ্কেষ্ট্ৰা দলৰ শিল্পী বৃন্দই সুৰ সংযোজন কৰা আৰু গীতটিৰ পাঁচ গৰাকী বলিষ্ঠ কণ্ঠ শিল্পী সকলে শব্দযন্ত্ৰবিহীন ব্যৱস্থাৰ মাজত জাতীয় সংগীতটি পৰিবেশন কৰিছিল।
১৯২৮ চনত যিটো সুৰেৰে অসমৰ জাতীয় সংগীতটি পৰিবেশন কৰিছিল, সেই প্ৰকৃত সুৰটোক চিৰযুগমীয়া সুৰ ১৯২৮ নামেৰে গৱেষণা প্ৰকল্পই নামকৰণ কৰি তাক উদ্ধাৰ কৰা হয়।দেওবাৰে সেই সুৰতে লতাশিল খেলপথাৰত সমবেত ৰাইজৰ উপস্থিতি পৰিবেশন কৰে উত্তৰ পূৰ্ব ভাৰতৰ পাৰস্পৰিক সাজপাৰ পিন্ধি অসমৰ জাতীয় সংগীত।
ইতিমধ্যে গৱেষণা প্ৰকল্পৰ সংগীত বিভাগৰ মুখ্য উপদেষ্টা বিশিষ্ট সংগীতজ্ঞ নন্দ বেনাৰ্জীৰ পৰিচালনাত গৱেষক ৰাজীৱ হৰি কৌশিকৰ সহযোগত গীতটি বাণীবন্ধন কৰিছে।লতাশিল খেলপথাৰতে সিদিনা বাণীবৰ্দ্ধিত জাতীয় সংগীত চিৰযুগমীয়া সুৰ ১৯২৮ নামাৰে শ্ৰব্য সঁফুৰাটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী নন্দ বেনাৰ্জীয়ে। ১১১ সংখ্যক অসমৰ জাতীয় সংগীত মহোৎসৱ ২৬ মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.