১৮ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হ’ব শিল্পগ্ৰাম মহোৎসৱ-২০২১

0 297

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণায়ৰ অধীনত উত্তৰ পূব ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্ৰ,ডিমাপুৰৰ উদ্যোগত শিল্প গ্ৰাম মহোৎসৱ-২০২১ অহা ১৮ পৰা ২১ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ গুৱাহাটী পঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত অনুষ্ঠিত হ’ব ।বাৰেৰহনীয়া কলা-শিল্প,প্ৰদৰ্শনী আৰু পৰম্পৰাগত খাদ্যমেলা ,লোকসংগীত-নৃত্যৰ উৎসৱত উখল মাখল হ’ব শিল্পগ্ৰাম।
২০০৬ চনতে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক প্ৰকল্প চৌহদ শিল্পগ্ৰামৰ ১৫ তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত উত্তৰ পূৱৰ আঠৰ ৰাজ্য অসম,অৰুণাচল, মণিপুৰৰ, মিজোৰামৰ, মেঘালয়,নাগালেণ্ড,ছিক্কিম আৰু ত্ৰিপুৰাৰ বিভিন্ন জনগোষ্ঠীয় লোকশিল্পীৰ দল,অসমৰ বিশিষ্ট লোক সংগীত শিল্পীয়ে এই মহোৎসৱত লোক সাংস্কৃতিক নৃত্য পৰিবেশন কৰিব।উল্লেখ্য যে মহোৎসৱৰ লগত সংগতি ৰাখি অসমৰ এটি জনগোষ্ঠীযে লোক নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে।
অসমৰ বাৰেৰহনীয়া লোক আৰু জনগোষ্ঠীয় নৃত্য সমূহ নৱ প্ৰজন্মৰ মাজত প্ৰতিযোগিতা মূলক মনোভাৱেৰে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.