আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই উন্মোচিত হ’ল চাহৰ সম্পৰ্কত লিখা এখন গ্ৰন্থ

0 218

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই উন্মোচিত হ’ল টি এ ৱাণ্ডাৰ ড্ৰিংক ফৰ হেলথ এণ্ড ৱেলনেছ শীৰ্ষক এখন গ্ৰন্থ। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। টি ইণ্ডাষ্ট্ৰী আৰু টি ব’ৰ্ডৰ লগত এক মত বিনিময়ৰ অনুষ্ঠানৰ মাজতে গ্ৰন্থখন উন্মোচন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই গ্ৰন্থখনৰ জৰিয়তে চাহৰ উপকাৰিতা তথা চাহৰ সংৰক্ষণ আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে গৱেষণা কৰা বহু কথা গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে।
 
 
 
 
 
গ্ৰন্থখনৰ লেখক ড° প্ৰদীপ বৰুৱা যোৰহাট জিলাৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী বিষয়া। উন্মোচনী অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কমিচনাৰ চেক্ৰেটাৰী কে কে দ্বিবেদী, টি ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ কুমাৰ, নেটাৰ সভাপতি বিদ্যানন্দ বৰকাকতিকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.