আপ্কুৰ ৰূপালী জয়ন্তীৰ বৰ্ষৰ অনুষ্ঠান

0 236

IMG-20170430-WA0027

অসমৰ মফচলীয়া সাংবাদিকৰ ঐক্যবদ্ধ সংগঠন Assam Press Correspondence Union (আপ্কু)ৰ ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভৰাম্ভণি অনুষ্ঠান কালিৰে পৰা তৈল নগৰী দুলিয়াজানৰ দুলিয়াজান প্ৰেচ ক্লাবত অনুষ্ঠিত হয়। আজি দ্বিতীয় দিনা পতাকা উত্তোলনৰে কাৰ্যসুচী আৰম্ভ হয়,  মূল পতাকা উত্তোলন কৰে আপ্কুৰে সভাপতি মনোজ সিঙে। তাৰ পিচত স্মৃতি তৰ্পন আৰু মুকলি সভা অনুষ্ঠিত হয়।

IMG-20170430-WA0026

মুকলি সভাত গুৱাহাটীৰ প্ৰেছ ক্লাবৰ নৱ ঠাকুৰীয়াই ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ “প্ৰতিধবনি” উন্মোচন কৰি সাংবাদিকৰ সকলৰ সমাজৰ প্ৰতি থকা গুৰুত্বপূৰ্ণ দায়বদ্ধতাৰ বিষয়ে বক্তব্য ৰাখে। অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ্য সাংবাদিক সঞ্জীৱ ফুকনে ডিব্ৰুগড় জিলাৰ আপ্কুৰ দ্বাৰা প্ৰকাশিত পত্ৰিকা উন্মোচন কৰে। Assam Talks ৰ পৰিচালনা সঞ্চালক বেদব্ৰত বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীন জ্যোতি গগৈ , অইলৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী অকণ শইকীয়া, আপ্কুৰ প্ৰতিস্থাপকৰ সভাপতি ভবেশ শইকীয়াকে ধৰি বিশিষ্ট লোকে মুকলি সভাত গ্ৰাম্য অঞ্চলৰ তথা মফচলীয়া সাংবাদিক সকলৰ দুখ দুৰ্দশাৰ বিষয়ে নিজৰ বক্তব্যত প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে উদ্ধোধন কৰা মুকলি সভাত ৰীতামালা দত্ত সোঁৱৰণী, বুধিন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী, সদৌ অসম ইলেক্ট্ৰনিক মিডিয়া বঁটা আৰু কমল চেতিয়া সোঁৱৰণী সাংবাদিকতা বঁটা ক্ৰমে “নন্দিনীৰ” সম্পাদক মাইনী মহন্ত, নতুন প্ৰজন্মৰ নিউজ লাইভৰ সাংবাদিক ছায়ামণি ভূঞা আৰু ডিব্ৰুগড় জিলাৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক যদুনাথ পুৰিমক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।

IMG-20170430-WA0029

লেখক- ৰাহুল দেৱ বৰদলৈ

নগাওঁ

Leave A Reply

Your email address will not be published.