আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা যুদ্ধকালিন প্ৰস্তুতিৰে নিৰ্বাচনৰ বাবে সাজু হ’বলৈ অতুল বৰাৰ আহ্বান-পুঁজি সংগ্ৰহ, সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভণি

0 190

অলপতে গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অসম গণ পৰিষদ দলৰ এখনি গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ পূৰ্বে কংগ্ৰেছ, এ আই ইউ এফকে ধৰি বিভিন্ন ক্ষেত্ৰৰ দুই শতাধিক ব্যক্তিয়ে দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনাই সভাপতি বৰাই সকলোৰে বাবে দলে দুৱাৰ মুকলি ৰাখিছে বুলি মন্তব্য কৰে ।দলৰ নীতি আদৰ্শৰ প্ৰতি নিষ্ঠা সহকাৰে আৰু সক্ৰিয়তাৰে দলৰ কামত আত্মনিয়োগ কৰিবলৈ বৰাই আহ্বান জনায়। কাৰ্য্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্তই এখন সুৰক্ষিত আৰু শক্তিশালী অসম গঢ়াৰ দায়বদ্ধতাৰে ৰাজ্যখনৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা আৰম্ভ হয়। এই সভাতে দলৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিয়ে পুঁজি সংগ্ৰহ আৰু অনলাইন সদস্য ভৰ্তি তথা নবীকৰণ অভিযানৰ শুভাৰম্ভণি কৰে। দলৰ বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ, অধ্যক্ষ, উপাধ্যক্ষ আৰু কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া আৰু সদস্য, শুভাকাঙ্খীয়ে দলৰ পুঁজিলৈ আজি বৰঙণি আগবঢ়ায়। একেদৰে সভাপতি প্ৰমুখ্যে সকলো সদস্যই দলীয় সদস্য পদ নবীকৰণ কৰে। এই অভিযান পৰৱৰ্তী সময়ত জিলা আৰু বিধান পৰিষদ ভিত্তিতো অনুষ্ঠিত হব। সভাত দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ ওপৰত বিষদ ভাৱে আলোচনা হয়। সভাপতি বৰাই সকলো বিষয়ববীয়া আৰু সদস্যক যুদ্ধকালিন প্ৰস্তুতিৰে আটাইকেইটা নিৰ্বাচনৰ বাবে সকলো সাংগঠনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। সভাই দলৰ প্ৰতিষ্ঠা দিৱস ১৪ অক্টোবৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই গণ সংযোগ কাৰ্য্যসূচী ৰূপায়ণৰ বাবে স্থানীয় ভাৱে কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ জিলা পৰিষদ আৰু বিধান পৰিষদক আহ্বান জনায়।

Leave A Reply

Your email address will not be published.