অসমস গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত শনিবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত হয়।গুৱাহাটী লোকসভা সমষ্টিৰ অগপৰ আহ্বায়কত্ৰয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া আৰু ড° তপন দাস তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ সাধাৰণ সম্পাদক সুনীল ডেকাই অংশগ্রহণ কৰা এই সভাখনত এনডিএ-ৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটত জয়ী কৰোৱাবৰ বাবে দলীয় কৰ্মীসকলে কেনেদৰে কাম-কাজ অব্যাহত ৰাখিছে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টি সমিতিৰ সভাপতি -সম্পাদকৰ উপৰি বুথ পৰ্যায়ৰ বিষয়ববীয়াসকলৰ, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
Trending
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান