অসমস গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত শনিবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী পৰ্যালোচনা সভা অনুষ্ঠিত হয়।গুৱাহাটী লোকসভা সমষ্টিৰ অগপৰ আহ্বায়কত্ৰয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া আৰু ড° তপন দাস তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ সাধাৰণ সম্পাদক সুনীল ডেকাই অংশগ্রহণ কৰা এই সভাখনত এনডিএ-ৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটত জয়ী কৰোৱাবৰ বাবে দলীয় কৰ্মীসকলে কেনেদৰে কাম-কাজ অব্যাহত ৰাখিছে, সেই সন্দৰ্ভত আলোকপাত কৰা হয়। সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টি সমিতিৰ সভাপতি -সম্পাদকৰ উপৰি বুথ পৰ্যায়ৰ বিষয়ববীয়াসকলৰ, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি