আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতাল আৰু গ্লোবেল হেলথ্ চিটি হাস্পাতালৰ যুটীয়া প্ৰচেষ্টাত আন্তঃ ৰাষ্ট্ৰীয় মানৰ লিভাৰ ট্ৰান্সপ্লান্ট অস্ত্ৰোপ্ৰচাৰ উপলব্ধ

0 205

উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ হস্পাতালৰ স্বাস্থ্য খণ্ডত আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এতিয়াৰে আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ তত্বাৱধানত চেন্নাইস্থিত গ্লেনিগেলচ গ্লোবেল হেলথ্চিটি হাস্পাতালে বিশেষ লিভাৰ ট্ৰান্সপ্লান্ট সেৱা আৰম্ভ কৰিব । অসমৰ স্বাস্হ্য সেৱাত এয়া এক নতুন অধ্যায় বুলি অৱগত কৰে আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে গ্লেনিগেলচ গ্লোবেল হেলথ্ চিটি হাস্পাতালৰ লিভাৰ ট্ৰান্সপ্লান্ট বিভাগৰ সঞ্চালক ড৹ মেট্তু শ্ৰী নিবাস ৰেড্ডী, গ্লোবেল হেলথ্চিটি হাস্পাতালৰ কৰ্পৰেট হেড্ ড৹ ডি ভাস্কৰ ৰেড্ডী, আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হস্পাতালৰ কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ডেকা আৰু আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হস্পাতালৰ গেস্ট্ৰ’ বিশেষজ্ঞ চিকিৎসক ডা: মায়ংক আগৰৱালা। এক সমীক্ষাৰ মতে ভাৰতত প্ৰত্যেক বছৰে লিভাৰ চিৰোচিছত প্ৰায় ১০ লাখ ৰোগী নতুনকৈ আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্তৰ উচ্চ হাৰৰ প্ৰতি লক্ষ্য ৰাখি অসমতো লিভাৰ ট্ৰান্সপ্লান্ট অস্ত্ৰোপ্ৰচাৰ সেৱা প্ৰতিমাহতে আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হস্পাতালত উপলব্ধ হ’ব। ড৹ মেট্তু শ্ৰী নিবাস ৰেড্ডীৰ মতে ” লিভাৰৰ ৰোগৰ সম্পূৰ্ণ নিৰাময় যিহেতু এতিয়াও সুদূৰ পৰাহত সেয়েহে এই ৰোগৰ প্ৰতিৰোধমূলক দিশসমূহৰ চিকিৎসাহে আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত। বিশেষজ্ঞ গৰাকীৰ মতে এটা স্বাস্থ্যকৰ জীৱনধাৰাৰ বাস্তৱ অনুশীলন কৰা সকলো ৰোগতে যি কোনো ধৰণৰ ঔষধ সেৱনৰ অভ্যাস পৰিহাৰ কৰা, হেপাটোটনিক সম্ভাৱনাযুক্ত দেশীয়ভাবে প্ৰস্তুত কৰা এলকহল পৰিহাৰ কৰা, জৰুৰী অৱস্থাত তাৎক্ষণিক ভাবে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে হ’ব পৰা লিভাৰৰ যি কোনো ধৰণৰ ক্ষতি ৰোধ কৰাটো আমাৰ প্ৰধান লক্ষ‍্য হ’ব লাগে।” আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালত লিভাৰ ট্ৰান্সপ্লান্ট অস্ত্ৰোপ্ৰচাৰৰ যুটীয়া সেৱা অনুষ্ঠান মুকলি কৰি গ্লেনিগেলচ গ্লোবেল হেলথ্ চিটি হস্পাতালৰ কৰ্পৰেট বিভাগৰ প্ৰধান ড৹ ডি ভাস্কৰ ৰেড্ডীয়ে মন্তব্য কৰে এনেদৰে আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পাতালৰ সৈতে আমি এই গুৰুত্বপূৰ্ণ বুজাবুজিত উপনীত হৈছো আৰু এই লিভাৰ ট্ৰান্সপ্লান্ট সেৱা আৰম্ভ কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছো। এই ব্যাপক কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰাথমিক কাৰণ হ’ল অসম তথা ইয়াৰ পাৰ্শ্ববৰ্তী ৰাজ‍্যসমূহৰ জনগণক বিশ্বমানৰ লিভাৰৰ চিকিৎসা সুবিধা প্ৰদান কৰা। এই সুবিধা প্ৰদান কৰিবলৈ পাই অত্যন্ত সুখী বুলি মনোজ কুমাৰ ডেকাই জানিব দিয়াৰ লগতে ইয়াৰ দ্বাৰা বহুতো লোক উপকৃত হ’ব বুলিও সদৰী কৰে।

Leave A Reply

Your email address will not be published.