দীৰ্ঘকাল ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত থাকি নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা আগবঢ়োৱা বাবে পলাশবাৰী নগৰ আৰক্ষী চকী সহকাৰী উপ পৰিদৰ্শক মনমোহন দাসলৈ স্বীকৃতি ৰূপে ‘আৰোহন প্ৰশাসনিক সমন্বয় বঁটা ২০২২’ প্ৰদান কৰিছে। গুৱাহাটীৰ মহানগৰীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত বহাগ সামৰণী আৰু অসমীয়া জাতিৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠানত অসমৰ আগশাৰীৰ সাহিত্য- সাংস্কৃতিক, সামাজিক সংস্থা ‘আৰোহন আৰ্টিষ্ট গীল্ডে’ এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে আৰক্ষী বিষয়া মনমোহন দাসক। বঁটা লাভ কৰি দাসে উৎফুল্লিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত ৰাইজৰ হকে সেৱা কৰাৰ অধিক প্ৰেৰণা পাব বুলি জানিবলৈ দি উদ্যোক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, সমাজত এচাম ব্যক্তি, যাৰ সৃষ্টি, সাধনা, কষ্ট সহিষ্ণুতা বিৰল আৰু জীৱনযোৰা সাধনাৰে শিক্ষা, সাহিত্য, সাংস্কৃতিক, সংবাদসেৱা, সাংবাদিক, আৰু সমাজসেৱা ক্ষেত্ৰখনলৈ বিশেষ আগবঢ়াই অহা প্ৰথিতযশা ব্যক্তিসকললৈ বিগত সময়ছোৱাত এইদৰে বঁটা প্ৰদান কৰি আহিছে আৰোহন আৰ্টিষ্ট গীল্ডে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি