কৃষিৰ লগতে পশুপালন,দুগ্ধ উৎপাদন নিচিনা অৰ্থকাৰী খণ্ডৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰে।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু পশুপালন নিগমৰ আয়োজিত পশুধন আৰু হাঁহ কুকুৰা মেলা উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকী এনেদৰে কয়।লগতে তেখেত কয় যে পলিচি ফৰ প্ৰাইভেট ইনভেষ্টমেণ্ট প্ৰমোচন ইন লাইভষ্টক চেক্টৰ নীতি অসমৰ বাবে গ্ৰহণ কৰা হৈছে।দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০২২চনৰ ভিতৰত কৃষকৰ আয় ২দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে কৃষি পথাৰতে নিৰৱ বিপ্লৱৰ সৃষ্টি হয় বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে উদ্যমী সকলক উৎসাহিত কৰি এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে এই মেলাখন অনুষ্ঠিত কৰা হৈছে।কেন্দ্ৰীয় চৰকাৰৰ দুগ্ধ ,মীন আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল চৰ্তুবেদী,অৰুণাচল প্ৰদেশৰ মন্ত্ৰী টাগে টাকিকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী