কৃষিৰ লগতে পশুপালন,দুগ্ধ উৎপাদন নিচিনা অৰ্থকাৰী খণ্ডৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰে।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু পশুপালন নিগমৰ আয়োজিত পশুধন আৰু হাঁহ কুকুৰা মেলা উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকী এনেদৰে কয়।লগতে তেখেত কয় যে পলিচি ফৰ প্ৰাইভেট ইনভেষ্টমেণ্ট প্ৰমোচন ইন লাইভষ্টক চেক্টৰ নীতি অসমৰ বাবে গ্ৰহণ কৰা হৈছে।দেশৰ প্ৰধানমন্ত্ৰীয়ে ২০২২চনৰ ভিতৰত কৃষকৰ আয় ২দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে।আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে কৃষি পথাৰতে নিৰৱ বিপ্লৱৰ সৃষ্টি হয় বুলি মন্তব্য কৰে।উল্লেখযোগ্য যে উদ্যমী সকলক উৎসাহিত কৰি এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে এই মেলাখন অনুষ্ঠিত কৰা হৈছে।কেন্দ্ৰীয় চৰকাৰৰ দুগ্ধ ,মীন আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল চৰ্তুবেদী,অৰুণাচল প্ৰদেশৰ মন্ত্ৰী টাগে টাকিকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন