ব’ন মেৰো বা মেৰুদণ্ডৰ মজ্জা সংৰোপন হৈছে বহু জীৱন বিনাশী ৰোগৰ জন্ম দিব পৰা বিভিন্ন কৰ্কট ৰোগ আৰু অনা কৰ্কট ৰোগৰ সমস্যাৰ সাম্ভাব্য প্ৰতিকাৰ বিকল্প প্ৰদান কৰা এক অনবদ্য চিকিৎসা। লিউক’মিয়া বা তেজৰ কৰ্কট ৰোগ, তেজৰ বিভিন্ন ৰোগ যেনে থেলাছেমিয়া, জেনেটিক বিকাৰ যেনে ইমিউন’ডেফিচিয়েন্সি আদিৰ দৰে জীৱন বিনাশী ৰোগ এই ৰাজহাড়ৰ মজ্জা সংৰোপনেৰে প্ৰতিকাৰ কৰিব পাৰে। উল্লেখ্য যে এইধৰণৰ বিভিন্ন ৰোগত আক্ৰান্ত অসমৰ ৩০ গৰাকীৰো অধিক শিশুক এনেদৰে ৰাজহাড়ৰ মজ্জা সংৰোপনেৰে নতুন জীৱন প্ৰদান কৰিছে বাঙ্গালোৰৰ নাৰায়ণা হেল্থ চিটিৰ মজুমদাৰ শ্ব কেন্সাৰ চেণ্টাৰৰ অঙ্ক’ল’জী আৰু বোন মেৰো ট্ৰান্সপ্লাণ্টেশ্যন, পেডিয়েট্ৰিক হেমাট’ল’জী বিভাগৰ সঞ্চালক তথা মুৰব্বী চিকিৎসক ডাঃ সুনীল ভাটে। আজি গুৱাহাটী টাউন ক্লাৱ প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেল সম্বোধন কৰি চিকিৎসকগৰাকীয়ে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।উল্লেখযোগ্য যে অসমৰ এইসকল শিশুৰ অধিকাংশই থেলাছেমিয়া ৰোগত আক্ৰান্ত আছিল। থেলাছেমিয়া হৈছে এনে এবিধ ৰোগ যিটো ৰোগত দেহত লোহিত ৰক্ত কণাৰ উৎপাদন কমি যায় আৰু এই কণাবোৰ নষ্ট হোৱাৰ পৰিমাণ বৃদ্ধি পায়। এই ৰোগৰ চিকিৎসা অবিহনে ৯০ শতাংশতকৈ অধিক ৰোগী দুবছৰৰ ভিতৰত মৃত্যুমুখত পৰে। এনে ৰোগীসকলক গোটেই জীৱনজুৰি প্ৰতি তিনি সপ্তাহ বা চাৰি সপ্তাহৰ মূৰে মূৰে দেহৰ তেজ সলনি কৰিবলগীয়া হয়। এটা সময়ৰ পিছত দেহত বাৰম্বাৰ তেজ সলনি কৰাৰ ফলশ্ৰুতিত তেজত লৌহ উপাদানৰ পৰিমাণ প্ৰয়োজনাধিক হৈ পৰিব পাৰে, যিয়ে যকৃত আৰু হৃদযন্ত্ৰক আক্ৰমণ কৰাৰ লগতে মৃত্যুৰ কাৰণো হৈ পৰিব পাৰে।আজি অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি ডাঃ সুনীল ভাটে কয়, “ৰাজহাড়ৰ মজ্জা সংৰোপনেই হৈছে উচ্চ শংকাপূৰ্ণ লিউকেমিয়া, থেলাছেমিয়া, ইমিউনোডেফিচিয়েন্সিৰ লেখীয়া জীৱন বিনাশী ৰোগৰ একমাত্ৰ সাম্ভাৱ্য চিকিৎসা পদ্ধতি। বিগত ৩ বছৰত অসম চৰকাৰৰ নেৰানেপেৰা সহযোগিতাৰ যোগেদি আমি ৩০ গৰাকীতকৈও অধিক শিশুক এনেধৰণৰ জীৱন বিনাশী ৰোগৰ পৰা আৰোগ্য লাভ কৰাবলৈ সক্ষম হৈছো। উল্লেখ্য যে সংৰোপনসমূহ সাধাৰণতে সম্পৰ্কীয় দাতা (ভাতৃ-ভগ্নী), পৰিয়ালৰ বাহিৰৰ লোক যাৰ ৰক্তকণাৰ মিল থাকে, হাপ্লো-আইডেণ্টিকেল ড’নাৰ (পিতৃমাতৃ)ৰ ভিতৰতে হ’ব লাগে।ইফালে আজিৰ সংবাদমেলত উপস্থিত থকা এগৰাকী শিশুৰ অভিভাৱকে কয়, “মোৰ পুত্ৰক এক নতুন জীৱন প্ৰদান কৰাৰ উপৰিও এই ভয়ানক ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে বাঙ্গালোৰৰ নাৰায়ণা হেল্থ চিটিত থকা বোন মেৰো ট্ৰান্সপ্লাণ্টেশ্যন গোটৰ সমগ্ৰ দলটো আৰু ডাঃ সুনীল ভাটৰ প্ৰতি মই চিৰকৃতজ্ঞ হৈ ৰ’ম। ইয়াৰ পূৰ্বে মই প্ৰতি ৩-৪ সপ্তাহৰ মূৰে মূৰে মোৰ ল’ৰাটিৰ তেজ সলনি কৰিবলগীয়া হৈছিল, কিন্তু এই অত্যাধুনিক প্ৰযুক্তি আৰু চিকিৎসাৰ যোগেদি এই ৰাজহাড়ৰ মজ্জা সংৰোপন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত এতিয়া সি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। মোৰ কন্যাই তাইৰ নিজৰ ৰাজহাড়ৰ মজ্জা প্ৰদান কৰি মোৰ পুত্ৰৰ থেলাছেমিয়া ৰোগ নিৰ্মূল কৰি তোলাৰ বাবে তাইৰ ওচৰতো মই চিৰকৃতজ্ঞ হৈ ৰ’ম।উল্লেখ্য যে বাঙ্গালোৰৰ নাৰায়ণা হেল্থ চিটিৰ মজুমদাৰ শ্ব কেন্সাৰ চেণ্টাৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ বোন মেৰো ট্ৰান্সপ্লাণ্ট কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম আৰু এই কেন্দ্ৰটোৱে এইপৰ্যন্ত ১২০০ ৰো অধিক ৰাজহাড়ৰ মজ্জা সংৰোপন কৰিছে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud