আৰম্ভ হ’ল ২৯টা নতুন বৃত্তিমূলক পাঠ্যক্ৰম

0 252

ৰাজ্যৰ শিক্ষাখণ্ডৰ কাৰণে আছে এক সুখবৰ। ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ্থী সকলৰ মাজত আন আন শিক্ষাসমূহৰ দৰে বৃত্তিগত শিক্ষাকো অধিক সম্প্রসাৰিত কৰাৰ কাৰণে তৎপৰ হৈ পৰিছে। শিক্ষাৰ্থী সকলে যাতে বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে নিজকে আত্মনিৰ্ভৰশীল কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে শিক্ষা বিভাগে। এই সকলো বিষয় সামৰি বিশেষকৈ শিক্ষাৰ্থী সকলে যাতে ভৱিষ্যতে নিজকে সু সংস্থাপিত কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আজি এখন বৈঠক অনুষ্ঠিত কৰা হয়।
 

আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কার্যালয়ত। আজিৰ এই বৈঠকত আলোচনা কৰা হয় শিক্ষাৰ্থী সকলৰ ভৱিষ্যতৰ উপযুক্ত পাঠ্যক্ৰম সমূহৰ বিষয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত একাংশ শিক্ষাৰ্থীয়ে বিষয় নিৰ্বাচন সন্দৰ্ভত বহুখিনি পৰিমাণে বিপাঙত পৰা দেখা যায়। এই বিষয় নিৰ্বাচন সন্দৰ্ভত তথা ভৱিষ্যতে উপযুক্ত হ’ব পৰা বিষয় সন্দৰ্ভত আজিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। আনহাতে পাঠ্যক্ৰম সমূহত অতিশীঘ্ৰেই কেতবোৰ নতুন বৃত্তিমুলক পাঠ্যক্ৰমৰ আৰম্ভণি কৰা হ’ব। আজিৰ বৈঠকত ২৯টা নতুন বৃত্তিমূলক পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমান্তৰালভাৱে ৰাজ্যত মুক্ত বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ অন্তৰ্গত ৰাজ্যৰ মুক্ত বিদ্যালয় সমূহৰ পৰীক্ষা সমূহ কেনেদৰে নিকা পদ্ধতিৰে অনুষ্ঠিত কৰিব পাৰি সেই বিষয়েও বিতংভাৱে আলোচনা কৰা হয়।
 
 
আজিৰ এই বৈঠকত আছাম স্কিল ডেভেলপমেণ্টৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী মুখ্য বক্তা হিচাপে উপস্থিত থাকে। সমান্তৰালভাৱে উপস্থিত থাকে ৰাজ্যৰ বহুতো বৃত্তিগত প্রতিষ্ঠানৰ লগত জডিত থকা বিষয়াসকল আৰু ৰাজ্যৰ শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিব। উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে মুক্ত বিদ্যালয়ৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়৷ উল্লেখযোগ্য যে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অহা ১৬ জুনলৈ শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হ’ব। ১৬জুনলৈকে হ’বলগীয়া বৈঠক সমূহৰ অন্তত ৰাজ্যৰ শিক্ষা সংসদে আৰু বহুকেইটা গুৰুত্বপূর্ণ বিষয় সদৰী কৰাৰ সম্ভাৱনা আছে৷

Leave A Reply

Your email address will not be published.