‘আৰ্ট অৱ লিভিং’ সংস্থাৰ শ্ৰীশ্ৰী ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম ট্ৰাষ্টৰ দ্বাৰা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ সৌৰচাকি কঢ়িয়াই নিয়া বাহনৰ ‘ফ্লেগ অৱ’ মুখ্যমন্ত্ৰীৰ

0 146

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱন চৌহদত আয়োজিত এক অনুষ্ঠানত আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰৰ ‘আৰ্ট অৱ লিভিং’ সন্থাৰ শ্ৰীশ্ৰী ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম ট্ৰাষ্টৰ দ্বাৰা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ ২ হাজাৰটা সৌৰচাকি কঢ়িয়াই নিয়া বাহনখন আনুষ্ঠানিক ভাৱে ফ্লেগ অৱ কৰি প্ৰেৰণ কৰে।উল্লেখ্য যে আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰে লাইট এ হ’ম নামৰ এক প্ৰকল্পৰ অধীনত এই সৌৰ লাইট সমূহ প্ৰেৰণ কৰিছে।এই সৌৰচাকি সমূহ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ভিতৰুৱা জনজাতীয় গাঁৱত স্থাপন কৰা হ’ব।উচ্চমান বিশিষ্ট তথা জনপ্ৰতিৰোধী এই সৌৰচালিকা সমূহৰ সৈতে ম’বাইল ফোন চার্জ কৰিব পৰা ব্যৱস্থা সংলগ্ন হৈ আছে।এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৩ চনত আৰম্ভ হোৱা লাইট এ হ’ম প্ৰকল্পই দেশত বিস্তৃৰ্ণ অঞ্চলত জনসাধাৰণৰ জীৱন চুই যাবলৈ সক্ষম হৈছে।এই পদক্ষেপ দেশৰ ৭৬০ খন গাঁও সামৰি ৩ হাজাৰটা গৃহ বৰ্তমানলৈকে সামৰি লৈছে।মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ২৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে কাজিৰঙাত আয়োজন কৰা চিন্তন শিবিৰত উপস্থিত থাকি শ্ৰীশ্ৰী ৰবিশংকৰে তেখেতৰ জ্ঞান আৰু প্ৰজ্ঞাৰে কেবিনেট মন্ত্ৰী তথা বিষয়া সকলক উদ্ধৃদ্ধ কৰিছিল।এই অনুষ্ঠানত যোগদান কৰাৰ পিছত আধ্যাত্মিক গুৰু গৰাকীয়ে লাইট এ হ’ম কাৰ্যসূচীৰ অধীনত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলালৈ সৌৰচাকি প্ৰেৰণৰ কথা উল্লেখ কৰিছিল।ইতিমধ্যে ‘আৰ্ট অৱ লিভিং’ সংস্থাটোৰ জৰিয়তে ৰাজ্যৰ বহু কেইখন গাঁৱৰ এনে চাকি প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে।মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচীয়ে যাতে জনসাধাৰণৰ মাজত প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে সেই উদ্দেশ্যে ফ্লেগ অফ কৰি প্ৰতীকী অৰ্ধত এই সামগ্ৰী সমুহ প্ৰেৰণ কৰা হৈছে।এই উদ্যোগৰ বাবে মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্ৰী ৰবিশংকৰক অসমবাসীৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।এই অনুষ্ঠানততে মন্ত্ৰী যোগেন মোহন,ইউ জি ব্ৰক্ষ্ম,সঞ্জয় কিষান,মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু শ্ৰীশ্ৰী ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম ট্ৰাষ্টৰ সঞ্চালক মৌচুমী বৰপূজাৰীকে ধৰি ন্যাসৰ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.