ইউ এম কে  মহাবিদ্যালয়লৈ নাকৰ বি গ্ৰেড

0 293

মাজুলী জিলাৰ উজনি মাজুলীৰ এখন অগ্ৰণী আৰু প্ৰতিষ্ঠিত উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়। এইখন উচ্চ শিক্ষানুষ্ঠানলৈ নেচনেল এচেচমেণ্ট এণ্ড এক্ৰিদিয়েচন কাউন্সিল চমুকৈ নাক য়ে বি গ্ৰেড প্ৰদান কৰিছে।যোৱা ১১আৰু ১২ এপ্ৰিলত মহাবিদ্যালয়খনৰ আমন্ত্ৰন ক্ৰমে মহাবিদ্যালয়খনত উপস্থিত হৈছিল পাঞ্জাৱৰ জলন্ধৰৰ সন্ত বাবা ভাগ সিং বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধৰমজিত সিং পাৰমাৰৰ অধ্যক্ষতাত হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ কুলদ্বীপ সিং কাটোক,কৰ্ণাটকাৰ গৱৰমেণ্ট ফাৰ্ষ্ট গ্ৰেড কলেজৰ অধ্যক্ষ ডঃ দিলীপ যৱলকাৰৰ সহযোগত বিশ্ববিদ্যালয় অনুদান আয়োগ প্ৰেৰিত এটা উচ্চ স্তৰীয় দল।মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ জাহ্নৱী লহকৰ বৰুৱা আৰু সহযোগী অধ্যাপক তথা আই কিউ এ চিৰ সমন্বয়ক অজিত খনিকৰৰ লগতে মহাবিদ্যালয় পৰিয়ালৰ সহযোগত দুদিন ধৰি মহাবিদ্যালয়খনৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ আৰু মূল্যায়ন কৰি দলটো যোৱা ১২ এপ্ৰিলত উভতি গৈ প্ৰস্তুত কৰা খতিয়ান দাখিল কৰে।পৰৱৰ্তী সময়ত যোৱা ২১ এপ্ৰিলৰ  নিশা ৫ বজাত নেচনেল  এচেচমেণ্ট এণ্ড এক্ৰিদিয়েচন কাউন্সিল কৰ্তৃপক্ষই প্ৰেৰণ কৰা এক ই মেইল বাৰ্তা যোগে মহাবিদ্যালয়খনলৈ অনাগত ৫ বছৰৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ তৰফৰ পৰা বি গ্ৰেড প্ৰদান কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক জনাইছে।নাক পীয়েৰ টীম প্ৰেৰিত প্ৰতিবেদনৰ ভিত্তিত  কৰ্ণধাৰ সমিতিয়ে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়খনক ২’০৬ ( চি জি পি এ) মৰ্যাদা প্ৰদান কৰা বুলিও ই মেইল বাৰ্তা যোগে জানিবলৈ দিছে।বৃহত্তৰ উজনি মাজুলীবাসী শিক্ষানুৰাগী ৰাইজ,সামাজিক সংগঠনে নাক প্ৰদত্ত এই স্বীকৃতিত সন্তুষ্টি প্ৰকাশ কৰি মহাবিদ্যালয় পৰিয়াললৈ অভিনন্দন জনাইছে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.