ইণ্ডিয়া বুক অফ ৰেকৰ্ডত উজ্বলিল টীয়ক এজন নৱম শ্ৰেণীৰ ছাত্ৰ। এক মিনিটত ২৬৯ টা বক্সিং পাঞ্চেৰে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে টীয়কৰ এজন উদীয়মান খৈলুৱৈ পদ্মনাভ বনিয়াই। টীয়কৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰ পদ্মনাভে নিজৰ শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জৰিয়তে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আজি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে।বিশেষকৈ লক ডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া অব্যৱহৃত সামগ্ৰীৰে নিজে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তত কৰি নিয়মীয়াকৈ ব্যায়ামৰ চৰ্চা কৰি আহিছিল। পদ্মনাভৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে টীয়কৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন, অনুষ্ঠান তথা ৰাইজ খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ সম্বৰ্দ্ধনা জনোৱাৰ লগতে অনাগত দিনত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।খেলুৱৈ গৰাকীয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়াৰ অনুসৰি আগন্তুক দিনত আৰু অধিক অনুশীলন কৰি এছিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ মনত আশা পুহি ৰাখিছে।
Trending
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities