ইণ্ডো-নেপাল স্কেটিং চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদক অৰ্জন মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্ৰ অর্থব অর্জুন হাজৰিকাৰ

0 138

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত পঞ্চম ইণ্ডো-নেপাল ৰিয়েল ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত অৰ্থব অজুন হাজৰিকাই দুটাকৈ স্বৰ্ণ পদক অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিলে। জানিব পৰা মতে অৰ্থবই প্ৰতিযোগিতাখনৰ ৮ বছৰ অনুৰ্ধ্ব শাখাত ২০০ মিটাৰ আৰু ৪০০ মিটাৰত স্বৰ্ণ জয়ৰ কৃতিত্ব অর্জন কৰিছে। উল্লেখযোগ্য যে, অর্থব অজুন হাজৰিকা হৈছে ৰাজ্যৰ সামাজিক ন্যায়, তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্রী পীযুষ হাজৰীকা আৰু অভিনেত্রী আইমী বৰুৱাৰ সন্তান। নেপালৰ কাঠমাণ্ডুৰ দশৰথ ৰংগাশালা ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম ইণ্ডো-নেপাল ৰিয়েল গ’ল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশিপত ভাৰতবৰ্ষৰ ৪৮ জন খেলুৱৈয়ে যোগদান কৰিছিল। শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ কেইবাজনো খেলুৱৈয়ে পদক জিনিবলৈ সক্ষম হৈছে। প্ৰশিক্ষক ৰামু বৰদলৈ তত্বাৱধানত প্ৰশিক্ষণৰত অৰ্থবই দুটাকৈ সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাত প্রশিক্ষণ কেন্দ্ৰটোৰ সকলো সদস্য এক প্ৰকাৰ উৎফুল্লিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.