গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণীত বিগত বহুদিন ধৰি অব্যাহত আছে শালি ধানৰ ওপৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। বিশেষকৈ সোঁণগুটি চপাই ঘৰলৈ অনাৰ বাবে কৃষক ৰাইজ সাজু হোৱাৰ সময়তে গাতে লাগি থকা অসম-মেঘালয় সীমান্তৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ পাহাৰ সমূহৰ পৰা সন্ধিয়াৰ পাছতে ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ধানৰ ওপৰত চলাই আহিছে অত্যাচাৰ। ধান খোৱাৰ লগতে হাতীয়ে গছকি নষ্ট কৰিছে বহু কৃষিভূমি। তথাপিও হাতীৰ উপদ্ৰৱ নেওচিও কৃষক ৰাইজ ব্যস্ত হৈ পৰিছে ধান কটা কাৰ্যত। বিশেষকৈ এফালে হাতীৰ ভয়তে বহুতে কিছু আগতীয়াকৈ ধান কটা আৰম্ভ কৰাৰ সমান্তৰালভাৱে তুলনামূলকভাৱে হাতীৰ উপদ্ৰৱ বা বিচৰণ কম হোৱা পথাৰ সমূহতো কৃষক ৰাইজে আৰম্ভ কৰিছে শালি ধান কটা পৰ্ব। এই সন্দৰ্ভত কৃষি কৰ্মৰ লগত জড়িত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ উদ্যমী ব্যক্তি তথা শালি ধান খেতিৰ বাবে বিখ্যাত ৰাণীৰ আন্ধেৰীজুলি পথাৰত বছৰ বছৰ ধৰি শালি ধানৰ খেতি কৰি অহা বলেশ্বৰ ৰংপীকে ধৰি অঞ্চলটোৰ একাংশ কৃষকে জানিবলৈ দিয়া মতে বিগত তিনিদিনমান আগৰে পৰা নীতি নিয়ম অনুসৰি মাংগলিক কাৰ্যৰ জৰিয়তে ধানৰ আগ লোৱাৰ পাছত ধান কটা কাম আৰম্ভ কৰিছে। বৰ্তমান কৃষক সকলে ধান সমূহ কাটি মুঠি কৰি পথাৰত ৰাখি থৈছে। তাৰ পৰা ধান কাটি থকাৰ মাজতে ঠেলা, অ’টোভান বা আন তেনে লঘু ধৰণৰ বাহনৰে কৃষক সকলে লখিমীৰূপী ধানক নিজ নিজ ঘৰলৈ লৈ আনিব। তাৰ পাছত গৰু, পাৱাৰ টিলাৰ বা টেক্টৰৰে মৰণা মাৰি অহা আঘোণ মাহত যাবতীয় ৰীতি-নীতি পৰম্পৰাৰে ভঁৰালত লখিমীক থৈ দিব। আনকি তাৰ মাজতে আঘোণ মাহত বহুতে নিজ ঘৰত পৰম্পৰাগতভাবে ন- খোৱা উৎসৱ পালন কৰি নতুন ধানৰ চাউলৰে লগে – ভাগে এসাজ খাব।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি