ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন

0 252

চতিয়া সমষ্টিৰ অন্তৰ্গত বালিজুৰীৰ ২ নং তেজালপটি অঞ্চলত ১৯৮৪ চনতে স্থাপিত হোৱা ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ অলপতে অৱসৰ গ্ৰহণ কৰা দুজন শিক্ষকক একেলগে বিদ্যালয়খনে উষ্ম বিদায় সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে শিক্ষক টংক কুৰ্মী আৰু সহকাৰী শিক্ষয়ত্ৰী ভানু বৰাই সুদীৰ্ঘ বহু বছৰ ধৰি সততা আৰু নিষ্ঠাৰে তেজালপটি অঞ্চলৰ বিভিন্ন ভিতৰুৱা ঠাইৰ পৰা বিদ্যালয়খনলৈ অহা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি অলপতে চৰকাৰী বিধি মতে অৱসৰ গ্ৰহণ কৰে। শিক্ষক নাৰায়ণ শৰ্মাই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি এই দুগৰাকী অৱসৰী শিক্ষকক বিদ্যালয়খনে বিদায় সম্ভাষন জনায় । বিদ্যালয়খনৰ মিন্টু কাকতিৰ প্ৰধান শিক্ষকৰ দ্বাৰা অনুষ্ঠিত বিদায় সভাত দেখা গল এক শোকাকুল পৰিবেশ। বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, পুৱ মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতা, নদুৱাৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পিটাৰ চৌধুৰী, বিভিন্ন দল-সংগঠন, খেৰবাৰী চেন্টাৰ কমিটিৰ বিষয়ববীয়াৰ লগতে ছাত্ৰ ছাত্ৰী সকলে বিদায়ী শিক্ষক দুজনক গামোছা, কিতাপ আৰু কলমেৰে বিদায় সম্ভাষন জনায় । ইয়াৰোপৰি বিদায় সভাৰ অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকাৰো উন্মোচন কৰে পূৱ মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতাই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.