উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থান প্ৰাপক প্ৰিয়াংশু দাসক চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন

0 194

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সোণাৰিৰ কৰ্মাচ কলেজৰ পৰা বাণিজ্য শাখাত অসমৰ ভিতৰতে দশম স্থান দখল কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনা প্ৰিয়াংশু দাসক আজি চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু উপায়ুক্ত পল বৰুৱাই কৃতী ছাত্ৰ গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দ্বয় জাবেদ আৰমান আৰু মৌচুমী চেতিয়া; সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী; মাহমৰা, সাপেখাতী আৰু সোণাৰিৰ ৰাজহ চক্ৰ বিষয়াসকল ক্ৰমে ইণ্ডিকা গগৈ, ডাঃ অনামিকা গগৈ আৰু চৈতালী ৰাণী দত্ত, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰিৰ কৰ্মাচ কলেজৰ অধ্যক্ষ ডঃ বিপুল দে আৰু সমাজ কৰ্মী মণ্টু কোঁৱৰৰ লগতে ভালে সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে দীলিপ দাস আৰু দিপীকা দাসৰ পুত্ৰ প্ৰিয়াংশুৱে সোণাৰিৰ শনিমন্দিৰ পথৰ নিবাসী মোমায়েক ৰূপন দাসৰ বাসগৃহত থাকি অধ্যয়ন কৰিছিল।

Leave A Reply

Your email address will not be published.