উচ্চস্তৰীয় কমিটিয়ে অসমীয়াৰ ভাগ্য নিৰ্দ্ধাৰণ কৰিব-হিমন্ত বিশ্ব শৰ্মা

0 309

অসম চুক্তিৰ ৬নং দফাৰ কাৰ্য্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে।আজি জনতা ভৱন আয়োজিত এক সংবাদ মেলত বিত্তমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই কয় যে অসম অসমীয়াৰ স্বাৰ্থত ৬নং দফাৰ কাৰ্য্যকৰীকৰণৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে ।অসমীয়াৰ আসন সংৰক্ষণ, ভাষা, সংস্কৃতি, ঐতিহ্য সংৰক্ষণ আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দিশ কমিটিখনে বিবেচনা কৰি সিদ্ধান্ত আগবঢ়াব ।অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াএম পি বেজবৰুৱাৰ অধ্যক্ষতাত গঠন হোৱা কমিটিখনত, সুভাষ দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়া, চেণ্টিনেল কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক ধীৰেণ বেজবৰুৱা, শিক্ষাবিদ ডক্টৰ মুকুন্দ ৰাজবংশী, বিশিষ্ট অধিবক্তা ৰমেশ বৰপাত্ৰ গোঁহাই, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙ,সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰতিনিধি আৰু জইণ্ট চেক্ৰেটাৰীৰ এজন প্ৰতিনিধি অন্যতম।সংবাদ মেলত শৰ্মাই মন্তব্য কৰা অনুসৰি ভাৰতৰ ইতিহাসত কেবিনেটৰ সিদ্ধান্তৰ পিছত গঠন হোৱা এইখন ঐতিহাসিক কমিটি।লগতে তেখেত কয় যে দুই তিনি দিনৰ ভিতৰত ৬জনজাতিৰ জনজাতিকৰণৰ প্ৰসংগৰ ক্ষেত্ৰত ইতিবাচক খবৰ জনাবলৈ সক্ষম হ’ম।সংবাদ মেলখনত জয়ন্ত মল্ল বৰুৱা, শান্তনু ভৰালী উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.