উত্তৰ কমলাবাৰীৰ ৩গৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমি বঁটা

0 408

সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা অক্ষুন্ন ৰখা তথা বিশ্ব দৰবাৰত সত্ৰীয়া সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ বাবে উত্তৰ কমলাবাৰীৰ ৩ গৰাকী শিল্পীয়ে লাভ কৰিছে সংগীত নাটক অকাডেমি বঁটা।
কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীয়ে ঘোষণা কৰা সংগীত নাটক অকাডেমি ২০২২ বৰ্ষৰ বঁটা উত্তৰ কমলাবাৰী সত্ৰৰ একালৰ বৈষ্ণৱ মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বিশেষজ্ঞ,গৱেষক,লেখক দেশে বিদেশে সত্ৰীয়া সংস্কৃতি প্ৰচাৰক, প্ৰাক্তন অধ্যক্ষ কৰুণা বৰাক অংকীয়া ভাওনাৰ বিষয়ত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
আনহাতে ভবেন বৰবায়ন আৰু মুকুন্দ শইকীয়া বৰবায়নক বিছমিল্লা খাঁ যুব বঁটাৰ বাবে সংগীত নাটক অকাডেমিয়ে নিৰ্বাচিত কৰিছে।

Leave A Reply

Your email address will not be published.