উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তত কেবাখনো উন্নয়নমূলক আচঁনিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ

0 195

চতিয়া সমষ্টিৰ অন্তৰ্গত মূঢ়াদল মৌজাৰ উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তত শুক্ৰবাৰে কেইবাখনো উন্নয়নমূলক আচঁনিৰ নিৰ্মানকাৰ্য্যৰ শুভাৰম্ভ কৰে উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দীপক নেৱাৰে ৷ তেখেতে কেইবাটাও পথৰ নিৰ্মাণ কাৰ্য্যৰ লগতে বাপুজী মধ্য ইংৰাজী বিদ্যালয়ৰ চৰকাৰী ভূমি উন্নয়নৰ উপৰিও খ্ৰীষ্টান বস্তিৰ এটি কালভাৰ্টৰ ভূমি উন্নয়নৰো আধাৰ শিলা স্থাপন কৰে ৷
প্ৰায় ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য্য আৰম্ভ হ`ব লগা আচঁনি সমুহৰ আধাৰশিলা কৰি সভাপতি দীপক নেৱাৰে কয়-চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আমাৰ পঞ্চায়তত ইতিমধ্যে ৮০ শতাংশ উন্নয়নমূলক কাম সম্পূৰ্ণ কৰা হৈছে ৷ এই ক্ষেত্ৰত পঞ্চায়তটোৰ সকলো শ্ৰেণী ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে ৷ শুক্ৰবাৰে পূৱাৰে পৰা আৰম্ভ হোৱা উন্নয়নমূলক আচঁনি সমুহৰ নিৰ্মান কাৰ্য্যৰ শুভ উদ্ধোধনী কাৰ্য্যসুচীত বিজেপি দলৰ জেষ্ঠ নেতা প্ৰবীন দাসৰ লগতে কৰি আঞ্চলিক সদস্য,প্ৰতিটো ৱাৰ্ডৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.