কামৰূপ জিলাৰ ৰামপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিৰোগাঁও মজলীয়া বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক,ৰাজ্যিক শিক্ষকৰ বঁটা প্ৰাপ্ত তথা উপৰহালী নিবাসী পবিত্ৰ কুমাৰ তালুকদাৰক যোৱা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনা ৰামপুৰ শিক্ষা খণ্ডৰ তৰফৰ পৰা সম্বৰ্ধনা আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা মূলক পত্ৰ প্ৰদান কৰে। তালুকদাৰৰ উৰহালীস্থিত নিজা বাসগৃহত ৰামপুৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰুবী ভাৰতী, মুখ্য এম.আই.এচ বিষয়া অংকুৰ তালুকদাৰ, গাণণিক বিষয়াসহ চাৰিজন লোক উপস্থিত হৈ পবিত্ৰ কুমাৰ তালুকদাৰক এখন ফুলাম গামোচা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰিত এখন শুভেচ্ছা মূলক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে, পবিত্ৰ কুমাৰ তালুকদাৰে অসমৰ শিক্ষা জগতত সুদীর্ঘকাল জড়িত হৈ থকা সময়ছোৱাত আগবঢ়োৱা অৱদানৰ বাবে বিগত ২০১৬ চনত ৰাষ্ট্ৰীয় হিন্দী প্ৰচাৰক সন্মানীয় বঁটা, ২০১৭ চনত জিলা পৰ্যায়ৰ শিক্ষক বঁটা আৰু ২০১৯ চনত ৰাজ্যিক শিক্ষক বঁটাৰে সন্মানিত হৈছিল। বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে যদিও অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে।
Trending
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান