কামৰূপ জিলাৰ ৰামপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিৰোগাঁও মজলীয়া বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক,ৰাজ্যিক শিক্ষকৰ বঁটা প্ৰাপ্ত তথা উপৰহালী নিবাসী পবিত্ৰ কুমাৰ তালুকদাৰক যোৱা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ দিনা ৰামপুৰ শিক্ষা খণ্ডৰ তৰফৰ পৰা সম্বৰ্ধনা আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা মূলক পত্ৰ প্ৰদান কৰে। তালুকদাৰৰ উৰহালীস্থিত নিজা বাসগৃহত ৰামপুৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰুবী ভাৰতী, মুখ্য এম.আই.এচ বিষয়া অংকুৰ তালুকদাৰ, গাণণিক বিষয়াসহ চাৰিজন লোক উপস্থিত হৈ পবিত্ৰ কুমাৰ তালুকদাৰক এখন ফুলাম গামোচা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰিত এখন শুভেচ্ছা মূলক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে, পবিত্ৰ কুমাৰ তালুকদাৰে অসমৰ শিক্ষা জগতত সুদীর্ঘকাল জড়িত হৈ থকা সময়ছোৱাত আগবঢ়োৱা অৱদানৰ বাবে বিগত ২০১৬ চনত ৰাষ্ট্ৰীয় হিন্দী প্ৰচাৰক সন্মানীয় বঁটা, ২০১৭ চনত জিলা পৰ্যায়ৰ শিক্ষক বঁটা আৰু ২০১৯ চনত ৰাজ্যিক শিক্ষক বঁটাৰে সন্মানিত হৈছিল। বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে যদিও অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই আহিছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা