পলাশবাৰীৰ উপৰহালীস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ মুখ্য কাৰ্যালয় চৌহদত আজি এন.এ.এফ.ই.ডি (NAFED)ই এটি ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। উক্ত কেন্দ্ৰটি উদ্বোধন কৰে কৃষি বিষয়া বিমল প্ৰসাদ দেউৰীয়ে। এই উপলক্ষে এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়। সভাত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ বাণিজ্য বিষয়া অপূৰ্ব দাস, কৃষি উন্নয়ণ বিষয়া, ৰামপুৰৰ জ্যোতিৰেখা দাস, কৃষি উন্নয়ণ বিষয়া মিৰ্জাৰ কল্যাণ শৰ্মা, কৃষি উন্নয়ণ বিষয়া ৰাণীৰ বৰ্ণালী মেধী আৰু এটিম.চি.এচ.এচ আত্মা ৰাজুমণি দাসসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।মিৰ্জা, বঙৰা, ৰাণী, ৰামপুৰ, বৰদুৱাৰ, ৰঙামাটি, ছয়গাঁওকে ধৰি অঞ্চলটোৰ কৃষকসকল উপস্থিত থকা সভাত ধান ক্ৰয়ৰ বিষয়ে সজাগতা কৰা হয়। ২০২২-২৩ ইং বৰ্ষৰ বাবে ভাৰত চৰকাৰে ধানৰ প্ৰতি কুইণ্টলত নুন্যতম ২০৪০ টকাকৈ ধাৰ্য কৰিছে। গতিকে কৃষকসকলে বজাৰ মুল্যতকৈ চৰকাৰৰ ধান ক্ৰয় কেন্দ্ৰত উচিত মূল্য লাভ কৰিব পাৰিব বুলি এই সভাৰ জৰিয়তে সজাগ কৰা হয়।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা