ড০ ভূপেন হাজৰিকা স্মৃতি সুৰক্ষা সমিতি উপৰহালীৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ৫ নৱেম্বৰত উপৰহালীস্থিত চিলাৰায় ভৱনত দিনযোৰা কাৰ্যসুচীৰে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ বৰ্ষ মৃত্যু দিৱস উদযাপন কৰে। উক্ত দিনা ৯ বজাত পতাকা উত্তোলন কৰে স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ তালুকদাৰে ইয়াৰ পিছতে বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন ও শ্ৰৰ্দ্ধাঞ্জলি প্ৰদান কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়া আৰু উপদেষ্টা গজিন ঠাকুৰীয়াই। ১০.৩০ বজাত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পিছতে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১১.৩০ বজাত সমাজসেৱক নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ মুকলি কৰা ‘ড০ ভূপেন হাজৰিকাৰ সংগীত দৰ্শন’ শীৰ্ষক আলোচনা চক্ৰখন সঞ্চালনা কৰে উপৰহালী প্ৰগতি সাহিত্য সভাৰ সভাপতি ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰি, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অবিভক্ত ধীৰেণ শৰ্মা, দক্ষিণ কামৰূপ সাহিত্য কলা-সংস্কৃতি মঞ্চৰ সভাপতি গণেশ্বৰ চহৰীয়া, আই.টি.ডি.পিৰ কামৰূপ(গুৱাহাটী)ৰ অধ্যক্ষা লাৱণ্য বড়ো উপস্থিত থাকি ড০ হাজৰিকাৰ অসমীয়া সমাজ জীৱনলৈ থকা অন্যবাদ্য অৱদান বিষয়ে বক্তব্য প্ৰদান কৰে। লগতে আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ড০ হাজৰিকাৰ প্ৰতিটো গীতৰ মাজত সমাজৰ বিভিন্ন দিশ পোৱা যায় উপস্থিত বক্তাসকলে ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাখনৰ সঞ্চালনাক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই ড০ হাজৰিকাৰ গীত সমূহৰ মাজত সমাজৰ বিভিন্ন কথা সন্নিবিষ্ট থকা বুলি কৈ সুধাকণ্ঠ উপাধি আনন্দ চন্দ্ৰ বৰুৱাই দিছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। সমুহ কাৰ্যসূচীৰ আঁতধৰে স্মৃতি সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ধনেশ্বৰ তালুকদাৰে। শেষত কাৰ্যকৰী সভাপতি অশ্বিনী কুমাৰ তালুকদাৰে শলাগৰ শৰাইৰ আগবঢ়োৱাৰ পিছতে ধনীৰাম ৰাভা, কবিতা ৰাণী দাস তালুকদাৰ, প্ৰিয়নাথ তালুকদাৰ, পৰমানন্দ দাস, ৰাধিকা দাস, কৃষ্ণ কান্ত দাসৰ লগতে উপস্থিতি সকলোৱে ড০ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ কালজয়ী গীত পৰিবেশন কৰি অনুষ্ঠানৰ সফল সামৰণী পৰে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা