সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত গীত মাত কবিতাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি দুখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে যুৱ বিজ্ঞানী সৌৰভ জ্যোতি শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।আউনিহাটী সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰা আড়ম্বনপূৰ্ণ সভাখন পৰিচালনা কৰে সাংস্কৃতিক মহাসভাৰ উপ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই।। সভাত অসম সাহিত্যৰ সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী মূখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়া ভাষা সাহিত্যৰ ওপৰত বিশেষ ভাবে মতপোষণ কৰি নিজৰ ভাষা সাহিত্য হকে আমি সকলোৱে কাম কৰিব লাগিব ।আনহাতে প্ৰসংগক্ৰমে ডঃ ৰাজবংশীয়ে সুগন্ধি পখিলাৰ কবি জনাৰ সৃষ্টি ৰাজিৰ ওপৰতো মত বিনিময় কৰে। আনহাতে নিজৰ উন্মোচনী ভাষণত ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে আধ্যাত্মিকতাৰ ওপৰত বিশেষ ভাবে বক্তব্য ৰাখি কয় যে মানুহৰ মনত অনুভূতি জাগৃত নহলে সৃষ্টি সম্ভৱ নহয়। তেওঁ ইয়াকো কয় আজি উন্মোচন হোৱা গ্ৰন্থ দুখনে অসমীয়া সাহিত্যত এক বিশেষ স্থান লাভ কৰিব বুলি আশা কৰিব পাৰি।উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত গণেশ মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষা মীনু ভূঞাৰ শান্তিৰ মহা ঋতু আৰু চিনু বৰা শইকীয়াৰ অনন্য যাত্ৰা নামৰ গ্ৰন্থ দুখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।অনুষ্ঠানত সাংস্কৃতিক মহাসভাৰ সভাপতি শংকৰ দাস উপস্থিত থাকে।
Trending
- মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত স্বাক্ষৰিত হয় এইমএছ গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত এক বুজাবুজি চুক্তি
- আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল
- অমৃত বৃক্ষ আন্দোলনৰ অধীনত মৰিগাঁও জিলাত ৭ লাখ গছপুলি ৰোপণৰ লক্ষ্য
- তামুলপুৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা
- গুৱাহাটী জল ব’ৰ্ডৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনাৰ অন্তত মন্ত্ৰী অশোক সিংহলৰ ঘোষণা
- গোৱালপাৰাৰ সদ্যপ্ৰয়াত ব্যৱসায়ী অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ শোকাৰ্ত পৰিয়ালবৰ্গক সাক্ষাৎ মন্ত্ৰী অশোক সিংহলৰ
- আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিন উদযাপন
- গুৱাহাটীত সাংবাদিকৰে মননশীল আলোচনাত অৰ্গেনাইজাৰ” পত্ৰিকাৰ মুখ্য সম্পাদক প্ৰফুল্ল কেতকাৰ
- পৌৰ প্ৰশাসনৰ সংস্কাৰ, উদ্যান আৰু বজাৰগৃহ নিৰ্মাণ, স্বচ্চ ভাৰত অভিযান আদি বিভিন্ন বিষয়ত জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক
- অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন