এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পদক্ষেপ স্বৰুপে উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ অধীনত ৫৮ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান

0 126

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক লাখ নিযুক্তি প্ৰদানৰ দৃঢ় প্ৰতিশ্ৰুতি পূৰণৰ সংকল্পক বাস্তৱ ৰূপ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা আজি ৫৮গৰাকী প্ৰাৰ্থীলৈ আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰাদেশীকৃত মহাবিদ্যালয়ত ৫৫গৰাকী সহকাৰী অধ্যাপক আৰু ৩গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থী আৰু তেওঁলোকৰ গৌৰৱান্বিত অভিভাৱকসকলৰ উপস্থিতিত এই নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে অসম চৰকাৰে বহু আশা-আকাংক্ষা লৈ আজি এই প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰিছে। তেওঁ প্ৰতিগৰাকী প্ৰাৰ্থীক নতুন শিক্ষানীতিৰ প্ৰতি লক্ষ্য ৰাখি Departmentalism অৰ্থাৎ নিজৰ বিভাগতে অকল সীমাবদ্ধ নাথাকি জ্ঞান দান আৰু আহৰণৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়।তেওঁ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক উদ্দেশ্যি কয় যে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাদান কৰিব লাগিব,যাতে ছাত্ৰ-ছাত্ৰীসকলে ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁলোকৰ জীৱন যুঁজত সফলতাৰে আগবাঢ়ি যাব পাৰে। মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক দৃঢ়তা, পৰিকল্পনা আৰু নেতৃত্ব এই তিনিটা কথা উপলব্ধি কৰি আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে যে বৰ্তমান উন্নয়ন আৰু বিকাশৰ হাৰত ভাৰতবৰ্ষই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগেও মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে গ্ৰহণ কৰা Samarth e-Gov আৰু শিক্ষা সেতু এক উল্লেখনীয় পদক্ষেপ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।তেওঁ আৰু লগতে কয় যে বৰ্তমান চৰকাৰখনে কোনখন মহাবিদ্যালয়ৰ পৰা কিমান শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰি সংস্থাপন লাভ কৰিছে তাৰ প্ৰতি নজৰ ৰাখিব। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত,উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা পমী বৰুৱা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.