এছ এছ বিৰ উদ্যোগত গুৱাহাটীত সামৰিক-অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক, তথ্যৰ আদান প্ৰদানত গুৰুত্ব

0 173

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনৰ তথা ভাৰত-ভূটান আৰু ভাৰত – ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা, নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকা সশস্ৰ সীমা বলৰ (এছ.এছ.বি) গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত আজি বাহিনীটোৰ গুৱাহাটীৰ গেম ভিলেজত থকা চৌহদত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জীৱ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসম আৰক্ষীৰ উপৰিও গুৱাহাটীস্থিত ইন্টালিলেঞ্চ বুৰো, বি.এছ.এফ, চি.আৰ.পি এফ, চি.আই.এছ.এফ, ভাৰতীয় সেনাৰ গুৱাহাটীস্থিত বহু বিষয়াই ভাগ লয়। আনহাতে বৈঠকত তথ্যৰ আদান-প্ৰদানত অধিক গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ যিবিলাক অঞ্চলত এতিয়াও উগ্ৰপন্থী জনিত কাৰ্যকলাপ চলি আছে তাত অধিক সমন্বয় সাধনৰে কাম কৰাত অধিক গুৰুত্ব দিয়া হয়।

Leave A Reply

Your email address will not be published.