এন আৰ এলৰ প্ৰকল্প পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

0 251

নুমলীগড় ৰিফাইনেৰী লিমিটেড কৰ্তৃপক্ষক ৰাজ্যখনৰ কৃষিভিত্তিক অৰ্থনীতিৰ প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৰ্তৃপক্ষক আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নুমলীগড়স্থিত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য কাৰ্যালয়ত নুমলীগড় ৰিফাইনেৰী সম্প্ৰসাৰণ প্ৰকল্প প্লাণ্টৰ পৰ্যালোচনাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে এই আহ্বান জনায়। দুয়োটা প্ৰকল্পৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে পূৰ্বৰ পৰাই অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত এক বিশেষ স্থান অধিকাৰ কৰি থকা নুমলীগড় শোধনাগাৰে সম্প্ৰসাৰণ প্ৰকল্প তথা বায়’ ফুয়েল প্লাণ্টৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতিলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা। শোধনাগাৰটোৱে সাম্প্ৰতিক সময়ত কৃষিখণ্ডৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ এয়াই উপযুক্ত সময় বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। কৃষি অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত বাঁহভিত্তিক ইথান’ল প্লাণ্টে নুমলীগড় ৰিফাইনেৰী লিমিটেডলৈ এক বৃহৎ সুযোগ কঢ়িয়াই আনিছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে নুমলীগড় তেল শোধনাগাৰক সেই অঞ্চলৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ক’ভিড১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত নুমলীগড় তেল শোধনাগাৰে লোৱা ব্যৱস্থা সমূহৰ শলাগ লয়। শোধনাগাৰ কৰ্তৃপক্ষই যাতে চেনিটাইজেছনৰ লগতে জৰুৰী চিকিৎসা পদ্ধতি সমূহ লগত মজুত ৰাখে তাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। এই সময়ছোৱাতো কৰ্তৃপক্ষই কৰ্মচাৰী সকলক নিয়মীয়াকৈ মাহিলী দৰমহা প্ৰদান কৰাৰ লগতে প্ৰতিমাহে ১.২০কোটি টকা ব্যয় কৰাৰ লগতে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যকো ভূয়সী প্ৰশংসা কৰে সোণোৱালে।
লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই অৱগত কৰে যে ২২৫৯৪কোটি টকা প্ৰকল্প ব্যয়ৰে শোধনাগাৰৰ সম্প্ৰসাৰণৰ প্ৰকল্প অহা ৪৮মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য হাতত লৈছে। এই কাম সম্পূৰ্ণ হ’লে শোধনাগাৰৰ বৰ্তমানৰ সামৰ্থৰ ৩ এম এম টি পি এৰ পৰা ৯ এম এম টি পি এ লৈকে বৃদ্ধি পাব। খাৰুৱা তেল পৰিবাহী পাইপলাইন স্থাপনৰ বাবে পাৰাদ্বীপ বন্দৰত ইতিমধ্যে ২০০একৰ ভূমি লীজত লৈছে কৰ্তৃপক্ষই। নুমলীগড়ক সংযুক্ত কৰা এই পাইপলাইনৰ ক্ষেত্ৰত পৰামৰ্শদাতাৰ পৰামৰ্শ লোৱা হৈছে।
১৭৫০কোটি টকা প্ৰকল্প ব্যয়ৰে বায়’ ৰিফাইনেৰী প্লাণ্টৰ কাম সম্পূৰ্ণ হৈ উঠিলে ইয়াত কেচামাল হিচাপে বছৰি ৫লাখ মেট্ৰিকটন বাঁহ ব্যৱহৃত হ’ব আৰু মুল উৎপাদন হিচাপে বছৰি ৪৯০০০মেট্ৰিকটন ইথান’ল উৎপাদন হ’ব বুলি কয় সঞ্চালক গৰাকীয়ে। এই প্লাণ্টৰ পৰা উৎপাদন হ’বলগীয়া অন্যতম প্ৰধান জৈৱ সামগ্ৰীৰ ভিতৰত অন্যতম হ’ব এছিটিক এচিড আৰু ফাৰফুৰেল। আই আই টি গুৱাহাটীৰ সহযোগত এই ফাৰফুৰেলৰ পৰা বায়’ডিগ্ৰেডেবল প্লাষ্টিক উৎপাদনৰ বাবে প্ৰচেষ্টা চলি আছে।
২০২১চনৰ ডিচেম্বৰৰ পৰা এই প্লাণ্টৰ কামষসমূহ আৰম্ভ হ’ব। এই পৰ্যালোচনাত শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.